আকৌ উজ্জীৱিত হ’ব কলংপৰীয়া সভ্যতা

কলং, নগাঁওবাসীৰ আৱেগ। কিন্তু সময়ৰ সোঁতত সেই আৱেগত কুঠাৰাঘাত হৈছিল এদিন। বহু যুগৰ স্মৃতি বুকুত বান্ধি নীৰৱে বোৱা কলং হৈ পৰিছিল তৰাং। নোহোৱা হৈ পৰিছিল কলংপৰীয়া সভ্যতা। তাৰ মাজতে আহিছে এটা আশাৰ খবৰ। আকৌ উজ্জীৱিত হ’ব কলংপৰীয়া সভ্যতা। মৰা কলঙে আকৌ প্ৰাণ পাব। ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰিতভাৱে বৈ আহিব কলঙলৈ।

নৈখনে আকৌ হাঁহিব
কুলকুলু শব্দৰে বৈ যাব
মৰা কলঙে আকৌ প্ৰাণ পাব
আকৌ উজ্জীৱিত হ’ব কলংপৰীয়া সভ্যতা
কবি, সাহিত্যিকে আকৌ সপোন ৰচিব পাৰিব কলঙক লৈ
আকৌ বৈ যাব নগাঁৱৰ প্ৰাণ কলং নৈ
এক আশাৰ খবৰ নগাঁওবাসীৰ বাবে, কলিয়াবৰবাসীৰ বাবে

১৩৫.৪০ কোটি টকা ব্যয়ৰে জীৱন্তে কৰা হ’ব মৰা কলঙক। কলিয়াবৰৰ হাতীমুৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰিতভাৱে বৈ আহিব কলঙলৈ। ২০২০ চনতেই নগাঁওবাসীৰ বুকুত এটি সেউজীয়া সপোন ৰোপন কৰি কলং পুনৰ জীৱিত কৰণ আঁচনিৰ শুভাৰম্ভ কৰিছিল মন্ত্ৰী কেশৱ মহন্তই। এই আঁচনিখন ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। প্ৰায় ৩ বছৰ ৬ মাহৰ অন্তত ব্ৰহ্মপুত্ৰৰ পৰা কলংমুখলৈ বোৱাই অনা হৈছে ব্ৰহ্মপুত্ৰৰ পানী। ইয়াৰ পিছতে জলসম্পদ বিভাগে আৰম্ভ কৰিব ব্ৰহ্মপুত্ৰৰ পানী শ্লুইচগেটেৰে কলঙত পেলোৱাৰ পৰীক্ষণৰ কাম। এই খবৰে আশাৰ সঞ্চাৰ কৰিছে কলংপৰীয়া ৰাইজৰ মনত।

সঁচাই এই খবৰ আশাৰ খবৰ। আশা কৰিছে সকলোৱে বহু যুগৰ স্মৃতি বুকুত বান্ধি নীৰৱে বোৱা কলঙে আকৌ কথা ক’ব। এই কলঙক লৈয়ে আকৌ সৃষ্টি হ’ব নতুন কবি দেৱকান্তৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...