কচুৰ আছে এইসমূহ উপকাৰিতা

অসমীয়া সমাজত কচুৰ জনপ্ৰিয়তা অধিক। প্ৰতিজন অসমীয়া লোকেই কচু খায়। কচু শাক বিভিন্ন ধৰণে খোৱা হয়। কিছুমানে ইয়াক জালুক দি, কিছুমানে ঔটেঙাৰ সৈতে আঞ্জা কৰি আৰু কিছুমানে ইয়াক পিটিকা কৰি খাই ভাল পায়। মুঠতে অসমীয়া সমাজত জনপ্ৰিয় খাদ্যবিলাকৰ ভিতৰত কচু অন্যতম। এই কচু শাকৰ আছে অনেক উপকাৰিতা। কচুত ভিটামিন A, আইৰণ, ভিটামিন B6, ফলেট আদি পোৱা যায়। যাৰ বাবে কচুৰ পৰা যথেষ্ট উপকাৰিতা লাভ কৰা যায়। জানো আহকচোন কচুৰ উপকাৰিতাসমূহনো কি কি।

কচুৰ উপকাৰিতা

১. কচুত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে। সেইবাবে কচু চকুৰ বাবে খুবেই উপকাৰী। কচু খালে দৃষ্টিশক্তিৰ দুৰ্বলতাৰ দৰে সমস্যাৰ পৰা হাত হাৰিব পাৰি।

২. কচুত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন B6 আৰু ফলেট থাকে। ৰক্তহীনতা ৰোগত কচু উপকাৰী।

৩. কচুত কেলচিয়াম পোৱা যায়। ই আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।

৪. কচুত প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন পোৱা যায়। ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৫. কচু শাকে আমাৰ শৰীৰত অক্সিজেনৰ যোগান সক্ৰিয় ৰখাত অধিক কাৰ্যকৰী ভূমিকা পালন কৰে। এই শাকত থকা লো আৰু ফলেটে তেজৰ পৰিমাণ বৃদ্ধি কৰে। ফলস্বৰূপে, অক্সিজেনৰ সঞ্চালন পৰ্যাপ্ত হয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...