কিয় বাৰে বাৰে চৰ্চাত আল-আকছা মছজিদ?

0 2,669

কিয় বাৰে বাৰে চৰ্চাত আল-আকছা মছজিদ?

আল-আকছা মছজিদত কি আছে?

ইছলামত কিয় গুৰুত্বপূৰ্ণ এই মছজিদ?

কি বিশেষত্ব আছে এই মছজিদটোত?

মাত্ৰ ৩৫ একৰ মাটিৰ বাবেই ইমান বিবাদ কিয়?

কিয় আল-আকছা মছজিদ ইমান স্পৰ্শকাতৰ বিষয়? কিয় বাৰে বাৰে এই পৱিত্ৰ স্থানক লৈ সংঘৰ্ষ দেখা যায়? বিশ্ব ঐতিহ্য আল-আকছাক লৈ হোৱা বিবাদৰ আচল ৰহস্য কি?

কিয় বাৰে বাৰে চৰ্চাত আল-আকছা? মক্কা-মদিনাৰ পাছতে জেৰুজালেমৰ আল-আকছা মছজিদক ইছলাম ধৰ্মাৱলম্বী লোকসকলে তৃতীয় পৱিত্ৰ স্থান হিচাপে গণ্য কৰে। আল-আকছা হ’ল মুছলমান-খ্ৰীষ্টান-ইহুদিসকলৰ পৱিত্ৰ স্থান। এই তিনি ধৰ্মৰ মানুহেই ইয়াত উপাসনা কৰে। ইজৰাইল চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কেৱল মুছলমানসকলে প্ৰৱেশ কৰিব পাৰে এই মছজিদত। আনহাতে, খ্ৰীষ্টান-ইহুদিসকলে পৰ্যটনক্ষেত্ৰ হিচাপে দৰ্শন কৰিব পাৰিব এই মছজিদটো। কেৱল মুছলমানসকলক কিয় উপাসনা কৰিবলৈ অনুমতি দিয়া হয় এই মছজিদটোত? বছৰ বছৰ ধৰি ইয়াক লৈ চলিছে বিবাদ।

আল-আকছা মছজিদত কি আছে আৰু ইছলামত কিয় ইমান গুৰুত্বপূৰ্ণ? কি বিশেষত্ব আছে এই মছজিদটোত?

আল-আকছা জেৰুজালেমৰ পুৰণি চহৰত অৱস্থিত। ইহুদীসকলৰ বাবে টেম্পল মাউণ্ট, মুছলমানসকলৰ বাবে আল-হাৰাম-আল-শ্বৰীফ বা নবেল অভয়াৰণ্য হিচাপে পৰিচিত। ইছলামৰ দ্বিতীয় খলিফা উমৰে প্ৰথমে সৰু মছজিদ এটা নির্মাণ কৰিছিল আৰু তাৰ পাছত ৭০৫ খ্রীষ্টাব্দত ইয়াক ডাঙৰ আকাৰত নিৰ্মাণ কৰা হয়। আল-আকছা ‘মছজিদুল আকছা’ বা ‘বাইতুল মুকাদ্দাস’ নামেও জনাজাত। আল-আকছা পুৰণি মছজিদৰ ভিতৰত অন্যতম। হজ বা উমৰা পালনৰ আগত আল-আকছা আছিল প্ৰধান ধৰ্মীয় স্থান। ইহুদিসকলৰ পয়গম্বৰ আব্রাহামৰ পুত্ৰ ইছমাইলক আল্লাহৰ নামত উৎসর্গ কৰিবলৈ আল-আকছা আনিছিল। ইহুদিসকলেও আল-আকছাক প্ৰধান উপাসনাস্থল হিচাপে গণ্য কৰিছিল। আনফালে, খ্রীষ্টানসকলেও মনে-প্ৰাণে উপাসনাৰ স্থল হিচাপে মানি আহিছে।

ইহুদি সকলে সমগ্র পেলেষ্টাইন দখল কৰি আছে, মাত্ৰ ৩৫ একৰ ভূমিৰ বাবেই কিয় ইমান বিবাদ? অত্যাচাৰ-নির্যাতনৰ পিছতো পেলেষ্টাইনৰ মুছলমানসকলে বাৰে বাৰে এই মছজিদৰ ফালে ধাৱিত কিয়?

আল-আকছা মছজিদত বহু ৰহস্য সোমাই আছে। ইয়াৰে ভিতৰত মুছলমানসকলৰ নবী হজৰত ইব্রাহিমৰ কবৰস্থানৰ পৰা আৰম্ভ কৰি পয়গম্বৰ হজৰত মহম্মদে ২৪ হাজাৰ নবী ফৰিস্তাসকলক লগত লৈ নামাজ পঢ়িছিল এই মছজিদটোত। আল্লাহৰ লগত সাক্ষাৎ কৰাৰ উদ্দেশ্যে পয়গম্বৰ মহম্মদে আল-আকছাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল বুলি লোকবিশ্বাস আছে। আল-আকছা মছজিদ নিৰ্মাণত জড়িত হৈছে মুছলমানসকলৰ নবী হজৰত আদম আৰু চোলেইমানৰ নাম। জড়িত হৈ আছে খলিফা হজৰত ওমৰৰ বিখ্যাত উটৰ বিৰল ঘটনা। ইয়াত জড়িত হৈ আছে দ্য গ্রেট চুলতান ছালাউদ্দিন আইয়ুবীৰৰ অসংখ্য স্মৃতি। মছজিদত ব্যৱহাৰ কৰা প্ৰতিটো পাথৰত লিখা আছে কোৰাণৰ আয়াত।

Leave A Reply

Your email address will not be published.