ইথানল বিবাদ: পেট্ৰ’ল পাম্পত ইথানলৰ পৰিমাণ প্ৰদৰ্শন বাধ্যতামূলক কৰাৰ জনস্বাৰ্থ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

পেট্ৰ’ল পাম্পৰ প্ৰতিটো নজল আৰু ইন্ধনৰ বিলত পেট্ৰ’লত মিহলোৱা ইথানলৰ সঠিক পৰিমাণ স্পষ্টকৈ উল্লেখ কৰাটো বাধ্যতামূলক কৰাৰ দাবীত দাখিল কৰা এখন জনস্বাৰ্থ আবেদন (PIL) গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ন্যায়াধীশ পি বি ৱাৰালেৰ বিচাৰপীঠে এই আবেদনখন খাৰিজ কৰি আবেদনকাৰীক নিজৰ সমস্যা বা ওজৰ-আপত্তিৰ সমাধানৰ বাবে উপযুক্ত কৰ্তৃপক্ষ অথবা সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ নিৰ্দেশ দিয়ে। সংবিধানৰ ৩২নং অনুচ্ছেদৰ অধীনত এই বিষয়টো বিবেচনা কৰিবলৈ শীর্ষ আদালত সন্মত নহ’ল।

কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত থকা এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিয়ে এই আবেদনৰ বিৰোধিতা কৰি কয় যে একে ধৰণৰ বিষয় পূৰ্বতে আদালতে খাৰিজ কৰিছিল, সেয়েহে এইখন এক প্ৰকাৰৰ পৰোক্ষ মোকৰ্দমাহে। আনহাতে আবেদনকাৰী নৰেন্দ্ৰ কুমাৰ গোস্বামীয়ে ব্যক্তিগতভাৱে যুক্তি দৰ্শায় যে ক্ৰয় কৰা ইন্ধনৰ উপাদান আৰু গুণাগুণৰ বিষয়ে জনাৰ অধিকাৰ প্ৰতিগৰাকী সাধাৰণ নাগৰিক তথা গ্ৰাহকৰ আছে।

আবেদনখনত পেট্ৰ’ল বিক্ৰীৰ প্ৰতিটো ইনভয়েচত ইথানলৰ শতাংশ স্পষ্টভাৱে লিপিবদ্ধ কৰাৰ উপৰিও বাহনৰ নিৰ্মাতা প্ৰতিষ্ঠান, মডেল, ইঞ্জিনৰ ধৰণ আৰু নিৰ্মাণ বৰ্ষ অনুসৰি ইথানলমিশ্ৰিত ইন্ধন কিমান উপযোগী, সেই সন্দৰ্ভত এক ৰাজহুৱা তথ্যকোষ (Database) প্ৰকাশ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়াৰ আবেদন জনোৱা হৈছিল। তদুপৰি পেট্ৰ’লিয়াম মন্ত্ৰালয়, পথ পৰিবহণ মন্ত্ৰালয়, ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (BIS) আৰু স্বতন্ত্ৰ অটোমোবাইল অভিযন্তাক লৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰি ই-২০ (E20) ইন্ধনৰ ফলত বাহনৰ ইঞ্জিনৰ স্থায়িত্ব, মাইলেজ, ৰক্ষণাবেক্ষণ খৰচ আৰু পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱ পৰীক্ষা কৰাৰ দাবীও উত্থাপন কৰা হৈছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই সকলো দাবী বিবেচনা নকৰি আবেদনখন খাৰিজ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...