অভিমান কৰি আঁতৰি গ’ল ছুজেন খান, এইবাৰ ছাজাকেই বুকুৰ আপোন কৰি লব নেকি হৃত্বিকে?

প্ৰেমৰ যেন জোৱাৰ উঠিছে বলীউডত। বহুকেইটা যুটিয়ে ইতিমধ্যে ছচিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিছে। এইবাৰ বলিউদৰ তাৰকা হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ সম্পৰ্কই বিশেষ সমাদাৰ লাভ কৰিছে। হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ সম্পৰ্কক লৈ বলীউডত আৰম্ভ হৈছে বিশেষ চৰ্চা।

বলীউডৰ তাৰকা হৃত্বিক ৰোশন আৰু তেওঁৰ প্ৰেমিকা ছাবা আজাদক একে লগে দেখা গৈছিল মুম্বাই বিমানবন্দৰৰ বাহিৰত। তাৰ পাছতে আৰম্ভ হৈছিল চৰ্চা। “চাবাক আপোনাৰ ছোৱালীৰ দৰে দেখা যায়”। আৰু তাৰ পিছত, এটাৰ পিছত এটা ট্ৰ’লৰ সন্মুখীন হৈছে তাৰকাগৰাকীয়ে। অৱশ্যে, হৃত্বিকে এইবোৰৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ অনিচ্ছুক। তেওঁ চাবাৰ সৈতে ভাল সময় অতিবাহিত কৰিব বিচাৰে । কেইদিনমান আগতে, মুম্বাইৰ হৃত্বিকৰ বাসগৃহত পৰিয়ালৰ সৈতে সময় কটোৱা দেখা গৈছিল চাবাক আজাদক।

হৃত্বিকক নীলা ডেনিম আৰু বগা টি-চাৰ্ট,আৰু ছাবা আজাদক ধূসৰ ব্ৰা টপ আৰু নীলা বেগী পেণ্ট পিন্ধা দেখা গৈছিল। দুয়োজনে ইজনে সিজনৰ হাত ধৰি তেওঁলোকে ৰোমাঞ্চকৰ যাত্ৰা আৰম্ভ কৰিছিল। ভিডিঅটো ছচিয়াল মিডিয়াত ভাইৰেল হোৱাৰ পিছত হৃত্বিকে সন্মুখীন হ’ব লগা হৈছে বহু প্ৰশ্নৰ।

হৃত্বিক ৰোশনে মঙলবাৰে ৰাজহুৱাভাৱে তেওঁৰ আৰু চাবা আজাদৰ সম্পৰ্ক স্বীকাৰ কৰে। দীৰ্ঘদিন ধৰি তেওঁলোকৰ প্ৰেমক লৈ বহুতো জল্পনা-কল্পনাৰ শেষত মঙলবাৰে মুম্বাই বিমানবন্দৰৰ বাহিৰত ছাবা আজাদৰ হাত ধৰি সম্পৰ্কটো প্ৰায় স্বীকাৰ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...