এপ্ৰিল মাহৰ পৰা পুনৰ আৰম্ভ হ’ব এয়াৰ এছিয়াৰ বিমান সেৱা

এয়াৰ এছিয়াই বুধবাৰে জনোৱা অনুসৰি তেওঁলোকে এই মাহৰ পৰা ভাৰত, মালয়েছিয়া আৰু থাইলেণ্ডৰ সৈতে সংযাগ কৰা বিমান সমূহৰ চলাচল পুনৰ আৰম্ভ কৰিব। দুবছৰ কৰ’না মহামাৰীৰ পিছত, ভাৰতে ২৭মাৰ্চত আন্তঃৰাষ্ট্ৰীয় বিমানৰ নিয়মীয়া চলাচল পুনৰ আৰম্ভ কৰিছে।

এক সংবাদ মেলৰ যোগেদি এয়াৰএছিয়াই জনায় যে, ভাৰত আৰু মালয়েছিয়াৰ মাজত মুঠ ৬টা পথত বিমান চলাচল পুনৰ আৰম্ভ হ’ব।

১ এপ্ৰিলত বেংগালুৰু-কুয়ালালামপুৰ আৰু চেন্নাই-কুয়ালালামপুৰ পথত বিমান চলাচল আৰম্ভ হোৱাৰ সময়তে, তিৰুচিৰাপল্লী-কুয়ালালামপুৰ পথৰ বিমানখন ৫ এপ্ৰিলত আৰম্ভ কৰা হৈছিল। কোচি-কুয়ালালামপুৰ, কলকাতা-কুয়ালালামপুৰ আৰু হায়দৰাবাদ-কুয়ালালামপুৰ পথত বিমানসমূহ ক্ৰমান্বয়ে ১৮ এপ্ৰিল, ২৩ এপ্ৰিল আৰু ১ মে’ৰ পৰা আৰম্ভ হ’ব বুলি জানিবলৈ দিছে।

AirAsiaই জনোৱা অনুসৰি ভাৰত-থাইলেণ্ডৰ মাজত মে’ মাহৰ পৰা পাঁচটা পথত বিমানসেৱা আৰম্ভ হ’ব বুলি জানিব দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...