আৰক্ষীৰ সফল অভিযান

ঘটনাটো যাৰ লগত ঘটিল তেওঁহে বুজি পায় সেই পৰিস্থিতি। যোৱা ২৬ অক্টোবৰত গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী এখন মালভৰ্তি ট্ৰাক হাইজেক হৈছিক মৰিগাঁও ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা। কোনে কেনেকৈ সেই ঘটনা সংঘটিত কৰিছিল ধৰিবই পৰা নাছিল।

বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীৰে ভৰি আছিল ট্ৰাকখন
আছিল ২ কোটি টকাৰ সামগ্ৰী

AS 01PC 4832 নম্বৰৰ ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই হাইজেক কৰিছিল দুৰ্বৃত্তই। তাৰ পাছতে হাহাকাৰ লাগিছিল মালিকৰ। ঘটনাৰ পিছদিনাই উদ্বাৰ হৈছিল ট্ৰাক আৰু চালক

কিন্তু উদ্ধাৰ হোৱা নাছিল সামগ্ৰী। শুকুৰাবাৰে পুৱতি নিশা মৰিগাঁও আৰক্ষীয়ে মৈৰাবাৰী থানা এলেকানাধীন বৰথল দলৈগাৱৰ আব্দুল মন্নাছৰ ঘৰত অভিযান চলাই হাইজেক হোৱা ট্ৰাকখনৰ গোটেই সামগ্ৰীখিনি উদ্ধাৰ কৰে। ভাগি পৰিছিল গৰাকী।

মৰিগাঁও আৰক্ষী অধীক্ষকে নিজে চলোৱা এই অভিযানত সামগ্ৰীসহ দুজন লোককো কৰায়ত্ত কৰিছে।

গ্ৰেপ্তাৰ হোৱা ধৰমতুলৰ তফাজ্জুল আলী আৰু মৈৰাবাৰীৰ মন্নাচ আলীক লগত লৈ আৰক্ষীয়ে চলাইছিল অভিযান। ধৰমতুল আৰু মৈৰাবাৰী আৰক্ষীয়ে মন্নাচ আলিৰ ঘৰত অভিযান চলাইছিল। ওলাল স্মাৰ্ট টিভি, স্মাৰ্ট কেমেৰা, লেপটপ, ফটোকপি মেচিন, চাৰিচকীয়া বাহনৰ বাম্পাৰ, চ’লাৰ আদিৰ লগতে বিভিন্ন ধৰণৰ ইলেকট্ৰনিক সা-সামগ্ৰী।
আৰক্ষীক ধন্যবাদ গৰাকীৰ।

আৰক্ষীক বিভিন্ন সময়ত সমালোচনা কৰা হয়। ককৰ্থনা কৰা হয়। প্ৰকাশ হয় বাতৰি। কিন্তু এই সফলতা শলাগ লবলগীয়া। মৰিগাঁও আৰক্ষীৰ এয়া বৃহত সফলতা।

Popular

More like this
Related

সৰ্বকালৰ সৰ্বাধিক ৫৩৪ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগত

নিয়মীয়াকৈ কৰ পৰিশোধ, যান-বাহনৰ নথি-পত্ৰ নৱীকৰণেৰে সুৰক্ষিত যাতায়াতৰ প্ৰতি...

মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত? বৰ্ণনা দিলে মহাকাশচাৰী সুনীতা উইলিয়ামছে

মহাকাশৰ পৰা দেখিবলৈ কেনেকুৱা ভাৰত? এই প্ৰশ্ন নিশ্চয় আপোনাৰো...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গোলাঘাটৰ জানপাৰ

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গোলাঘাটৰ জানপাৰ। অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী...

১ এপ্ৰিলৰ পৰা ড্ৰাইভিং লাইচেন্স বাতিল হ’ব পাৰে আপোনাৰ : আহিছে কি নতুন নিয়ম?

নতুন বিত্তীয় বৰ্ষ মঙলবাৰৰ পৰা আৰম্ভ হোৱাৰ লগে লগে...