ইউৰোপলৈ সৰ্বাধিক তেল ৰপ্তানিকাৰী দেশৰূপে ভাৰতৰ উত্থান

খাৰুৱা তেল উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ১ নম্বৰ দেশ হিচাপে চিহ্নিত হৈছে ছৌদি আৰৱ। উৎপাদনৰ দিশেৰে নহ’লেও ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে এতিয়া লাভ কৰিছে শীৰ্ষস্থান। কেনেকৈ হ’ল এয়া সম্ভৱ? জানিবলৈ চাওঁক এই প্ৰতিবেদন

বিশ্বৰ তেল ৰপ্তানিকাৰী দেশৰ তালিকাৰ শীৰ্ষত ছৌদি আৰৱ
পেট্ৰ’ল, ডিজেল আদি পৰিশোধিত তেল ৰপ্তানিতো শীৰ্ষত ছৌদি আৰৱ
পৰিশোধিত তেল ৰপ্তানিৰ ক্ষেত্ৰত এইবাৰ ছৌদি আৰৱকো পিছ পেলালে ভাৰতে
ইউৰোপলৈ সৰ্বাধিক তেল ৰপ্তানিকাৰী দেশৰূপে ভাৰতৰ উত্থান
খাৰুৱা তেলৰ ক্ষেত্ৰত পৰনিৰ্ভৰশীল ভাৰতৰ এই সাফল্য আশ্চৰ্যজনক বুলি গণ্য

ইন্ধনৰ ক্ষেত্ৰত ভাৰতে সদায় পৰনিৰ্ভৰশীল হৈ ৰৈছে। ৰাছিয়া, ছৌদি আৰৱ, ইৰাণ, UAE আদি দেশৰ পৰা ভাৰতলৈ প্ৰতিবছৰে আহে বৃহৎ পৰিমাণৰ ইন্ধন।

২০২৩-২৪ত ভাৰতলৈ আমদানি প্ৰায় ২৩২.৫ নিযুত টন খাৰুৱা তেল
চীনৰ পাছতেই ভাৰত হৈছে সৰ্বাধিক তেল আমদানি কৰা দেশ

কিন্তু এনেদৰেই পৰৰ দেশৰ পৰা তেল আমদানি কৰি আনি দেশৰ চাহিদা পূৰণ কৰা ভাৰত এতিয়া বিশ্বৰ সৰ্ববৃহৎ তেল ৰপ্তানিকাৰী দেশত পৰিণত হৈছে। ভাৰতৰ এই সাফল্যৰ আঁৰত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। ইউক্ৰেইনৰে যুদ্ধ লগাৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ তেল ইউৰোপৰ দেশসমূহে যোৱা দুবছৰে বৰ্জন কৰি ৰাখিছে। ইয়াৰ সুবিধা ল’ব পাৰিছে ভাৰতে।

ইউক্ৰেইন যুদ্ধৰ পাছত ৰাছিয়াৰ পৰা কম দামত ভাৰতে ক্ৰয় কৰিছে খাৰুৱা তেল
সেই তেল পৰিশোধনৰ পাছত ভাৰতৰ তেল কোম্পানীয়ে ৰপ্তানি কৰিছে ইউৰোপৰ বজাৰলৈ

ৰাছিয়াৰ তেল পৰিশোধনৰ পাছত ভাৰতে তেলৰ গুণগত মাণদণ্ডৰ উৎকৰ্ষ সাধন কৰাত সেই তেলৰ দাম স্বাভাৱিকতে বৃদ্ধি পাইছে। ইউক্ৰেইন যুদ্ধৰ আগতে ভাৰতে দৈনিক ১.৫৪ লাখ বেৰেল পৰিশোধিত তেল ৰপ্তানি কৰিছিল ইউৰোপৰ বজাৰলৈ। কিন্তু এতিয়া ভাৰতে কেবল ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্গত দেশসমূহলৈকে দৈনিক ২ লাখতকৈও অধিক বেৰেল তেল ৰপ্তানি কৰিছে।

২০২০ৰ এপ্ৰিলৰ ভিতৰত দৈনিক ২০ লাখ বেৰেল তেল ভাৰতে কিনিব মস্কোৰ পৰা

কম দামৰ ৰাছিয়ান তেলত উচ্চ চাহিদাসম্পন্ন ইন্ধনত পৰিণত কৰাত সফল হোৱা বাবে ইউৰোপৰ বজাৰত ভাৰতীয় তেলৰ চাহিদা বৃদ্ধি পাইছে। ৰাছিয়ান খাৰুৱা তেল বৰ্জনৰ ফলত ইন্ধন সংকটৰ সন্মুখীন হোৱা ইউৰোপক ভাৰতে পৰিশোধিত তেলৰ যোগান দি এক ডাঙৰ সমস্যা সমাধান কৰিছে। ইউক্ৰেইন যুদ্ধৰ পাছত পাশ্চাত্যৰ নিষেধাজ্ঞা নেওচি ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাটো ভাল চকুৰে চোৱা নাছিল ইউৰোপৰ দেশসমূহে।

ৰাছিয়াৰ পৰা সস্তা দৰত খাৰুৱা তেল কিনি ভাৰতে কৰিছে বিদেশী মুদ্ৰাৰ সঞ্চয়
২০২৪ৰ ভিতৰত দিল্লীয়ে প্ৰায় ৭০০ কোটি টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে

ৰাছিয়াৰ লগতে পাশ্চাত্যৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ২ তেল উৎপাদনকাৰী দেশ ইৰাণ আৰু ভেনেজুৱেলাৰ পৰাও খাৰুৱা তেল ক্ৰয় কৰি ভাৰতে আন্তৰ্জাতিক বজাৰ দখলৰ পৰিকল্পনা কৰিছে। তাত সফল হ’লে ভাৰতৰ বিত্তীয় পৰিস্থিতি যথেষ্ঠ সবল হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...