আৰক্ষীৰ সফল অভিযান

ঘটনাটো যাৰ লগত ঘটিল তেওঁহে বুজি পায় সেই পৰিস্থিতি। যোৱা ২৬ অক্টোবৰত গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী এখন মালভৰ্তি ট্ৰাক হাইজেক হৈছিক মৰিগাঁও ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা। কোনে কেনেকৈ সেই ঘটনা সংঘটিত কৰিছিল ধৰিবই পৰা নাছিল।

বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীৰে ভৰি আছিল ট্ৰাকখন
আছিল ২ কোটি টকাৰ সামগ্ৰী

AS 01PC 4832 নম্বৰৰ ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই হাইজেক কৰিছিল দুৰ্বৃত্তই। তাৰ পাছতে হাহাকাৰ লাগিছিল মালিকৰ। ঘটনাৰ পিছদিনাই উদ্বাৰ হৈছিল ট্ৰাক আৰু চালক

কিন্তু উদ্ধাৰ হোৱা নাছিল সামগ্ৰী। শুকুৰাবাৰে পুৱতি নিশা মৰিগাঁও আৰক্ষীয়ে মৈৰাবাৰী থানা এলেকানাধীন বৰথল দলৈগাৱৰ আব্দুল মন্নাছৰ ঘৰত অভিযান চলাই হাইজেক হোৱা ট্ৰাকখনৰ গোটেই সামগ্ৰীখিনি উদ্ধাৰ কৰে। ভাগি পৰিছিল গৰাকী।

মৰিগাঁও আৰক্ষী অধীক্ষকে নিজে চলোৱা এই অভিযানত সামগ্ৰীসহ দুজন লোককো কৰায়ত্ত কৰিছে।

গ্ৰেপ্তাৰ হোৱা ধৰমতুলৰ তফাজ্জুল আলী আৰু মৈৰাবাৰীৰ মন্নাচ আলীক লগত লৈ আৰক্ষীয়ে চলাইছিল অভিযান। ধৰমতুল আৰু মৈৰাবাৰী আৰক্ষীয়ে মন্নাচ আলিৰ ঘৰত অভিযান চলাইছিল। ওলাল স্মাৰ্ট টিভি, স্মাৰ্ট কেমেৰা, লেপটপ, ফটোকপি মেচিন, চাৰিচকীয়া বাহনৰ বাম্পাৰ, চ’লাৰ আদিৰ লগতে বিভিন্ন ধৰণৰ ইলেকট্ৰনিক সা-সামগ্ৰী।
আৰক্ষীক ধন্যবাদ গৰাকীৰ।

আৰক্ষীক বিভিন্ন সময়ত সমালোচনা কৰা হয়। ককৰ্থনা কৰা হয়। প্ৰকাশ হয় বাতৰি। কিন্তু এই সফলতা শলাগ লবলগীয়া। মৰিগাঁও আৰক্ষীৰ এয়া বৃহত সফলতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...