‘ক’ভাক্সিন’ লৈ বিপদত পৰিছে কোন?

MAKE IN INDIA ভেকচিন লৈ বিপদত পৰিছে দেশৰ অজস্ৰ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত নিৰ্মিত ক’ভাক্সিন ভেকচিনক অনুমোদন নজনোৱাৰ বাবেই বিদেশ ভ্ৰমণ কৰিব পৰা নাই বিশ্বৰ বহু শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী তথা বিষয়া-আমোলাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি। আনকি ছেৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা ক’ভিশ্বিল্ড বিশ্বৰ বহু দেশে স্বীকৃতি প্ৰদান কৰা নাই। ইয়াৰ বিপৰীতে ক’ভিশ্বিল্ডৰ মূল ভেকচিন অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ ভেকচিনকহে স্বীকৃতি প্ৰদান কৰিছে। ভাৰতত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুতি কৰা ক’ভিশ্বিল্ডক অনুমতি প্ৰদান কৰা নাই। শেহতীয়াকৈ বিশ্বজুৰি কৰ’নাৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাত শিক্ষানুষ্ঠান, কৰ্মস্থলীসমূহ বহু দেশে মুকলি কৰিবলৈ আৰম্ভ কৰিছে। ফলত ঘৰতে থকা বা ভাৰতৰ পৰাই কাম কৰি থকা বহু লোক বিদেশলৈ যোৱাৰ প্ৰয়োজন হৈছে। কিন্তু ক’ভাক্সিন লোৱাসকলৰ বিশ্বৰ প্ৰায় সকলো দেশলৈকে যোৱাৰ অনুমতি পোৱা নাই। আনকি ভাৰতে কূটনৈতিক মিছনৰ অধীনত বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকো একেই বিপদত পৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শীৰ্ষ বিষয়াসকল, চিকিত্সাখণ্ডৰে জড়িত ব্যক্তিসকলে ক’ভাক্সিন লৈছিল। কূটনৈতিক তথা ৰাজনৈতিক কাৰণত আৰু বিভিন্ন ছেমিনাৰ কনফাৰেন্সত অংশগ্ৰহণ কৰিবৰ বাবেও বাধাৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰে বিষয়টোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ দেশসমূহক ভেকচিনৰ স্বীকৃতিৰ বাবে হেঁচা দিব লাগিছিল যদিও সেই তৎপৰতা প্ৰদৰ্শন কৰিব পৰা নাই। ফলত ছাত্ৰ-ছাত্ৰী, ব্যৱসায় খণ্ডৰ সৈতে জড়িত লোক, পৰ্যটক আদি লোকসকল বিদেশ ভ্ৰমণ অনিশ্চিত হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...