কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰ

ছটাকৈ কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে যুগান্তকাৰী শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰীয় চৰকাৰৰ। KPLTৰ তিনিটা গোট, KLNLF, PDCK আৰু UPLFৰ সৈতে আজি বিয়লি ৪ বজাত নতুন দিল্লীত চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই শান্তি চুক্তি স্বাক্ষৰ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মন্ত্ৰী অশোক সিংঘলো উপস্থিত আছিল। ছটা সংগঠনৰ নেতৃবৰ্গ, কেন্দ্ৰীয় গৃহ বিভাগৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ হৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ জৰিয়তে কাৰ্বি স্বায়ত্তশাসিত পৰিষদলৈ অধিক ক্ষমতা, ডেৰ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ, কাৰ্বি আংলঙৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ পথ মুকলি কৰে। ষষ্ঠ অনুসূচীৰ অধীনস্থ স্বায়ত্তশাসিত পৰিষদখনত উন্নয়নৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ পিছতে এই অনুষ্ঠানক ঐতিহাসিক আখ্যা দি অসমৰ জনজাতীয় লোকসকলৰ বাবে নিজৰ দায়বদ্ধতা দোহাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসমৰ বিজেপি সাংসদসকলো উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...