কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰ

ছটাকৈ কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে যুগান্তকাৰী শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰীয় চৰকাৰৰ। KPLTৰ তিনিটা গোট, KLNLF, PDCK আৰু UPLFৰ সৈতে আজি বিয়লি ৪ বজাত নতুন দিল্লীত চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই শান্তি চুক্তি স্বাক্ষৰ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মন্ত্ৰী অশোক সিংঘলো উপস্থিত আছিল। ছটা সংগঠনৰ নেতৃবৰ্গ, কেন্দ্ৰীয় গৃহ বিভাগৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ হৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ জৰিয়তে কাৰ্বি স্বায়ত্তশাসিত পৰিষদলৈ অধিক ক্ষমতা, ডেৰ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ, কাৰ্বি আংলঙৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ পথ মুকলি কৰে। ষষ্ঠ অনুসূচীৰ অধীনস্থ স্বায়ত্তশাসিত পৰিষদখনত উন্নয়নৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ পিছতে এই অনুষ্ঠানক ঐতিহাসিক আখ্যা দি অসমৰ জনজাতীয় লোকসকলৰ বাবে নিজৰ দায়বদ্ধতা দোহাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসমৰ বিজেপি সাংসদসকলো উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...