তালিবানীৰাজ: বিজয়োৎসৱৰ নামত গুলীবৰ্ষণ, প্ৰাণ গ’ল ৪৭জনৰ

তালিবানী শাসনত নৃশংস আৰু ৰক্তাক্ত অধ্যায় আৰম্ভ হৈছে কাবুলত। উন্মত্ত ঘাতক বাহিনীৰ ৰূপ ধাৰণ কৰি তালিবানী বাহিনীয়ে আৰম্ভ কৰিছে অবিবেচক আৰু অমানৱীয় হত্যাকাণ্ড। শুকুৰবাৰে নিশা সমগ্ৰ কাবুল চহৰত সংঘটিত হ’ল এনে এলানি জঘন্য ঘটনা। তালিবান বাহিনীয়ে আমৰুল্লাহ চালেহৰ নেতৃত্বাধীন প্ৰতিৰোধ বাহিনীক পৰাস্ত কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে হাতে হাতে উন্মুক্ত মাৰণাস্ত্ৰ লৈ ৰাজপথলৈ ওলাই আহিছিল তালিবানী বাহিনী। অত্যাধুনিক মাৰণাস্ত্ৰৰে এফালৰ পৰা গুলীবৰ্ষণ কৰি বিভীষিকাৰ সৃষ্টি কৰিছিল সমগ্ৰ মহানগৰত। মাজনিশালৈকে বিজয়োৎসৱৰ এই গুলীবৰ্ষণত ৪৭জন নিহত হোৱাৰ লগতে ১০০ৰো অধিক আহত হৈছিল। শনিবাৰে দুপৰীয়া আফগানিস্তানৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল আন দুটা দুৰ্ভাগ্যজনক দৃশ্য। তালিবানী শাসনত নাৰীৰ সুৰক্ষা আৰু অধিকাৰ বিচাৰি কাবুলত প্ৰতিবাদ কৰিছিল কেইবাটাও নাৰী অধিকাৰ সংগঠনৰ কৰ্মীয়ে। প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰি বৰ্বৰ অত্যাচাৰ চলালে তালিবানী বাহিনীয়ে। হেৰাততো দেখিবলৈ পোৱা গ’ল মহিলা প্ৰতিবাদকাৰীৰ ওপৰত নৃশংস অত্যাচাৰ। ইয়াৰ মাজতে কাটাৰৰ ৰাজধানী ডোহাত তালিবানৰ সৈতে প্ৰথমলানি আনুষ্ঠানিক কূটনৈতিক বৈঠক আৰম্ভ কৰিছে ভাৰতে। এই বৈঠকৰ পিছত তালিবানে ভাৰতীয়সকলৰ নিৰাপত্তা আৰু উদ্ধাৰ সন্দৰ্ভত ইতিবাচক সঁহাৰি দিয়া বুলি প্ৰকাশ কৰিছে কাটাৰৰ ৰাষ্ট্ৰদূত দীপক মিট্টালে। ইয়াৰ পূৰ্বে কাটাৰতে কেইবাবাৰো অনানুষ্ঠানিক বৈঠকত মিলিত হৈছিল ভাৰত চৰকাৰ আৰু তালিবানৰ প্ৰতিনিধি। শনিবাৰে কাটাৰৰ পৰা অহা বিশেষজ্ঞৰ দলে কাবুল বিমান বন্দৰত সাহায্য প্ৰদানকাৰী বিমান অৱতৰণ কৰিব পৰাকৈ কাৰ্যক্ষম কৰি তুলিছে। শীঘ্ৰে অসামৰিক বিমানৰো চলাচল আৰম্ভ কৰিব পাৰিব বুলি বিশেষজ্ঞৰ দলটোৱে প্ৰকাশ কৰিছে। শনিবাৰেই নতুন চৰকাৰ গঠনত কাৰ্যকৰী ভূমিকা লোৱাৰ লক্ষ্যৰে কাবুলত উপস্থিত হৈছেগৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ফাইজ হামিদ আৰু পাকিস্তানী প্ৰতিনিধিৰ এটা দল। শনিবাৰে তালিবানে আব্দুল ঘানী বাৰাদৰৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ কথা আছিল যদিও সমগ্ৰ প্ৰক্ৰিয়াটো এসপ্তাহ পিছুৱাই দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...