পাপুৱা নিউ গিনিত প্ৰৱল ভূমিকম্পৰ জোকাৰণি

প্ৰৱল ভূমিকম্পত কঁপি উঠিল পাপুৱা নিউ গিনিৰ পশ্চিমাঞ্চল। ৰিখটাৰ স্কেলত ৬.৯ প্ৰাৱল্যৰ এই ভূমিকম্পৰ ফলত কমেও ১০জন লোক নিহত হোৱাৰ লগতে ধ্বংসপ্ৰাপ্ত হয় ১০০০ৰো অধিক বাসগৃহ। দেওবাৰে নিশা এই প্ৰৱল ভূমিকম্পত কপি উঠে ৰাজধানী প’ৰ্ট ম’ৰেছবিৰ পৰা ৭৫৬ কিলোমিটাৰ উত্তৰ–পশ্চিমৰ আম্বুণ্টি চহৰ। অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমে প্ৰকাশ কৰা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আম্বুণ্টি চহৰৰ ভূপৃষ্ঠৰ পৰা ৪০ কিলোমিটাৰ গভীৰতা। ভূমিকম্পৰ জোকাৰণি ইমানেই প্ৰৱল আছিল যে চহৰখনৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ১০০০ৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হয়। অষ্ট্ৰলিয়াৰ পৰা উত্তৰৰ দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এই দেশখন ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত হোৱা হেতুকে বিগত সময়ছোৱাত কেইবাটাও বিধ্বংসী ভূমিকম্পৰ সন্মুখীন হৈ আহিছে। যোৱা বছৰত দুটাকৈ ভূমিকম্পৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ লগতে বৃহৎ ক্ষয়–ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় পাপুৱা নিউ গিনি।

পাপুৱা নিউ গিনিত প্ৰৱল ভূমিকম্পৰ জোকাৰণি
৬.৯ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত নিহত কমেও ১০জন
ধ্বংসস্তুপত পৰিণত হয় ১০০০ৰো অধিক বাসগৃহ
ভূমিকম্পৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত আম্বুণ্টি চহৰ
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ভূপৃষ্ঠৰ পৰা ৪০ কিঃমিঃ গভীৰত
ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত পাপুৱা নিউ গিনি

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...