পাঠদানৰ বাবে ইচ্ছুক অৱসৰপ্ৰাপ্ত শিক্ষকক অনুমতি দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

0 351

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকললৈ অৱসৰকালীন সাহায্য প্রদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, অংগনৱাড়ী কেন্দ্ৰসমূহত আগবঢ়োৱা অমূল্য সেৱাৰ স্বীকৃতি হিচাপে ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৬০ বছৰ বয়সত অৱসৰ লোৱা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকললৈ এককালীন আর্থিক সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে। ইয়াৰ অধীনত অংগনৱাড়ী কৰ্মীসকলৰ বাবে ৪ লাখ টকাকৈ, ক্ষুদ্র অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীসকলৰ বাবে ৩ লাখ টকাকৈ আৰু সহায়িকাসকলৰ বাবে ২ লাখ টকাকৈ এককালীন সাহায্য ধাৰ্য কৰি পৰ্যায়ক্রমে আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি, যিসকল অংগনৱাড়ী কর্মী, সহায়িকাই ধাৰাবাহিকভাৱে ১০ বছৰ সেৱা আগবঢ়াই স্বেচ্ছাই অব্যাহতি লৈছে তেওঁলোকলৈ ৫০ শতাংশ অৱসৰকালীন সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ তেনেদৰে ধাৰাবাহিকভাৱে দহ বছৰ সেৱা আগবঢ়োৱা কোনো অংগনৱাড়ী কর্মী বা সহায়িকাৰ বিয়োগ ঘটা অৱস্থাত তেওঁলোকৰ পৰিয়াললৈও এই সাহায্য আগবঢ়োৱা হ’ব। মুখ্যমন্ত্ৰী শৰ্মাই এই পদক্ষেপৰ অধীনতে আজিৰ অনুষ্ঠানত শিশুসকলৰ সেৱাত ব্ৰতী হৈ অৱসৰগ্ৰহণ কৰা ৩৯৪ গৰাকী অংগনৱাড়ী কৰ্মী আৰু ৩৯৯ গৰাকী সহায়িকাসহ মুঠ ৭৯৩ গৰাকী অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক প্ৰথম পৰ্যায়ত অৱসৰকালীন সাহায্য প্ৰদান কৰে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ অংগনৱাড়ী কেন্দ্ৰসমূহত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা আছে যদিও তেওঁলোকে অৱসৰগ্ৰহণ কৰাৰ পিছত কৃতজ্ঞতাৰ চিনস্বৰূপে এইদৰে ধনৰাশি আগবঢ়োৱাৰ দিশত অসমেই হৈছে প্ৰথম ৰাজ্য আৰু এই আৰ্থিক সাহায্য লাভৰ জৰিয়তে অৱসৰগ্ৰহণ কৰা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল কিছু হ’লেও উপকৃত হ’ব। কৰ্মক্ষেত্ৰৰ পৰা অৱসৰগ্ৰহণ কৰা লোকসকলৰ সুবিধাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক যদি পৰৱৰ্তী সময়ত অটল পেঞ্চন যোজনাত অন্তৰ্ভুক্ত কৰিব পৰা যায় আৰু এই যোজনাৰ কিছু প্রিমিয়াম ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আদায় দিয়াৰ ব্যৱস্থা কৰা হয়, তেন্তে তেওঁলোক যথেষ্ট উপকৃত হ’ব। অৱসৰগ্ৰহণৰ পিছতো অংগনৱাড়ী কেন্দ্ৰসমূহৰ কৰ্মী আৰু সহায়িকাসকলক নিজ নিজ কেন্দ্ৰলৈ মাজে সময়ে গৈ দিহা-পৰামৰ্শ দি থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে অৱসৰগ্ৰহণ কৰা যিসকল শিক্ষকে শ্ৰেণীত পুনৰ পাঠদান কৰিবলৈ ইচ্ছুক, তেনে শিক্ষকসকলক পাঠদানৰ অনুমতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। শিক্ষানুষ্ঠানখন আৰু ছাত্ৰসকলৰ সৈতে শিক্ষকগৰাকীৰ সম্পৰ্ক যাতে অব্যাহত থাকে আৰু শিক্ষাৰ্থীসকলেও যাতে এই শিক্ষাগুৰুসকলৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা উপকৃত হ’ব পাৰে সেই উদ্দেশ্যেই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শৰ্মাই মন্তব্য কৰে।

ভাষণ প্ৰসংগত মুখ্যমন্ত্রী শৰ্মাই কয় যে শিশু আৰু মাতৃসকলৰ কল্যাণৰ বাবে লোৱা বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বাবে সম্প্ৰতি মহিলা আৰু শিশু বিকাশ বিভাগৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। তেওঁ কয় যে বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰতো বিভাগটোক যথেষ্ট গুৰুত্ব দিয়া হ’ব যাতে ২০২৬ চনৰ ভিতৰত ৰাজ্যৰ সমাজখনক বাল্য বিবাহৰ কবলৰ পৰা মুক্ত কৰিব পৰা যায়। তেওঁ লগতে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে প্ৰায় ৪ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ নতুনকৈ নিৰ্মাণ কৰিব আৰু আগন্তুক ৭-৮ বছৰৰ ভিতৰত ৰাজ্যৰ সকলোবোৰ অংগনৱাড়ী কেন্দ্ৰক নতুন ৰূপ দিয়াৰ উদ্যোগ লোৱা হ’ব। মুখ্যমন্ত্ৰী শৰ্মাই আজিৰ এই অনুষ্ঠানতে সুস্বাস্থ্যৰ অধিকাৰী পাঁচটি শিশুলৈ উপহাৰ আগবঢ়োৱাৰ লগতে মহানগৰীৰ বনগাঁও অংগনৱাড়ী কেন্দ্ৰৰ একাংশ কণমানি শিশুৰ সৈতেও কিছু সময় অতিবাহিত কৰে।

বিত্ত তথা মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতি, মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক বিভাষ মোদীও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.