ITI নথকা প্ৰতিটো ব্লকত একোখনকৈ ITI স্থাপন কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

অসমৰ যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ বাবে এক উমৈহতীয়া মঞ্চ সৃষ্টি কৰা হ’ব যিয়ে যোগ্য যুৱক-যুৱতীসকলক সেই মঞ্চৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিব। এই সিদ্ধান্ত অনুসৰি অসম ৰাজ্যৰ সকলো দক্ষতামূলক প্ৰশিক্ষণৰ বাবে অসম দক্ষতা বিকাশ অভিযান(ASDM)ক ন’ডেল এজেন্সী হিচাপে স্বীকৃতি দিয়া হৈছে।

এতিয়াৰ পৰা অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগে এ এছ ডি এমৰ যোগেদি তেওঁলোকৰ বিভাগৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণবোৰ প্ৰদান কৰিব। যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে এই পদক্ষেপ যথেষ্ট ফলপ্রসূ হ’ব বুলি আশা কৰা হৈছে ৷

কাৰিকৰী শিক্ষাক তৃণমূল পৰ্যায়লৈ নিবৰ বাবে অসম চৰকাৰৰ কেবিনেটে আজি ৰাজ্যখনৰ আই.টি.আই.(ITI) নথকা প্ৰতিটো খণ্ড(block)ত একোখনকৈ আই.টি.আই.(ITI) স্থাপন কৰাৰ সিদ্ধান্ত লয়। এই কামৰ বাবে ব্যৱহাৰ নোহোৱাকৈ পৰি থকা চৰকাৰী উপযুক্ত আন্তঃগাঁথনি বা একীকৰণ (Amalgamation)ৰ পিছত খালী হৈ পৰি থকা স্কুল ঘৰ ব্যৱহাৰ কৰা হ’ব৷ আজিৰ কেবিনেটে এডমিছনৰ মাচুলৰ বোজা কমাবলৈ ব্যক্তিগত/PPP/IMCৰ শিক্ষাৰ্থীৰ বাবে SOPD-Gৰ অন্তৰ্গত স্কলাৰশ্বিপৰ ব্যৱস্থাত অনুমোদন জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...