নেতাজীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক, ৰাজনৈতিক সুৰক্ষাৰ দিশত বৃহৎ ভূমিকা পালন কৰিছিল : মুখ্যমন্ত্রী

নেতাজী স্বদেশপ্রেম, ৰাষ্ট্ৰীয়তাবাদৰ উজ্জ্বল প্রতীক : মুখ্যমন্ত্রী

সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদ্‌যাপন সমিতিৰ উদ্যোগত আজি গুৱাহাটীৰ পল্টন বজাৰৰ নেতাজী চ’কত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মদিন উপলক্ষে আয়োজিন অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নেতাজী সুভাষ চন্দ্র বসু আছিল স্বদেশপ্ৰেম আৰু ৰাষ্ট্ৰীয়তাবাদৰ উজ্জ্বল প্রতীক। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ অৱদান আছিল অপৰিসীম আৰু অতুলনীয়। এই মহান নেতাগৰাকীৰ অৱদানক চেতন অথবা অৱচেতন ভাবে বৌদ্ধিক মহল আৰু সমসাময়িক ইতিহাসবিদৰ এটা অংশই প্ৰকৃত ৰূপত প্ৰতিফলিত কৰা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক এনে ভুলসমূহ শুধৰাবলৈ প্রয়াস চলাই আহিছে। এনে পদক্ষেপৰ অংশ হিচাপে ইণ্ডিয়া গেটৰ ওচৰত আই এন এৰ সেনাধ্যক্ষগৰাকীৰ এটা ২৮ ফুট উচ্চতাৰ কলা-গ্ৰেনাইটৰ দ্বাৰা নিৰ্মিত এটা মূৰ্তি স্থাপন কৰিছে বুলিও তেওঁ কয় ।

ঔপনিৱেশিক শাসনৰ পৰা ভাৰতৰ স্বাধীনতাৰ দাবীৰ বিষয়টো ভাৰত উপমহাদেশৰ পৰিধিৰ বহু ওপৰলৈ লৈ যোৱাৰ বাবে নেতাজী সুভাষ চন্দ্র বসুক কৃতিত্ব দি মুখ্যমন্ত্রীয়ে কয় যে নেতাজীৰ অদম্য মনোভাৱ আৰু নিজৰ মাতৃভূমিৰ স্বাধীনতা আকাংক্ষাই তেওঁক প্ৰেৰণা যোগাইছিল। তেওঁ ভাৰতবৰ্ষক বৃটিছৰ কৱলৰ পৰা মুক্ত কৰাৰ বাবে কল্পনা কৰিব নোৱাৰা অভিযান চলাই সাহসৰ পৰিচয় দিছিল। নেতাজীয়ে দেখুৱাই যোৱা স্বদেশপ্রেম, ৰাষ্ট্ৰীয়তাবাদ আৰু ৰাষ্ট্ৰ প্ৰথম আদর্শই লাখ লাখ ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ বাবে অনুপ্রাণিত কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। একাংশ ন্যস্তস্বার্থ মহলে অঞ্চলটোৰ জনগাঁথনি সলনি কৰাৰ বাবে পৰিকল্পনা কৰিছিল যদিও নেতাজীয়ে তাক প্রতিহিত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ৰাজনৈতিক আধিপত্য ৰক্ষাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে ৷

নেতাজী জন্ম বার্ষিকী উদযাপনক এক মঞ্চ হিচাপে ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ যুৱক- যুৱতীসকলক নেতাজীৰ আদৰ্শ গ্ৰহণ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত কাম কৰিবলৈ আহ্বান জনায়। অসমৰ নৱ প্ৰজন্মই নিজৰ দক্ষতা থকা ক্ষেত্ৰত সামর্থতা আৰু সম্ভাৱনীয়তা ব্যৱহাৰ কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ব আৰু সমাজখনক ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ সামৰ্থৰ ওপৰত নেতাজীৰ অপৰিসীম বিশ্বাস আছিল।

আজিৰ এই অনুষ্ঠানত কেবিনেট মন্ত্রী পীযূষ হাজৰীকা আৰু অশোক সিংহল, বিধায়ক সিদ্ধার্থ ভট্টাচার্য, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...