গুৱাহাটী বিমানকোঠত বেডমিন্টন চেম্পিয়নশ্বীপৰ সফল সামৰণি

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি বেডমিন্টন চেম্পিয়নশ্বীপৰ সফল সামৰণি পৰে। উল্লেখযোগ্য যে, এই খেল যোৱা ২৬ ডিচেম্বৰ তাৰিখে আৰম্ভ হৈ আজি সফল সামৰণি পৰে। সম্পূৰ্ণ খেলখনত বিমানবন্দৰত বিভিন্ন স্থান আৰু বিভাগত কৰ্মৰত প্ৰায় ৩০ টা দলে প্ৰতিনিধিত্ব কৰিছিল।

পুৰুষৰ শাখাত ৰিপুণ বৰা আৰু দিপক চন্দ্ৰ পলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। দিপক ভগত আৰু মনজয় ৰাভাই যুটীয়াভাৱে প্ৰথম ৰানাৰ্ছআপ আৰু নিকলাছ নাৰ্জাৰী আৰু অভয় শৰ্মাই দ্বিতীয় ৰানাৰ্ছআপ, হৰি সোনোৱাল আৰু ৰাজেশ্বৰ ৰাভাই ক্ৰমান্বয়ে তৃতীয় পদক লাভ কৰে।

আনহাতেদি, মহিলাৰ শাখাত চ’ফিয়া আলী আৰু মায়াশ্ৰী গগৈয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। হেমা কোঁৱৰ আৰু লালদুহপুই নাৰ্জাৰীয়ে প্ৰথম ৰানাৰ্ছ আপ লাভ কৰে। সঞ্জয় গুৰুঙে নিচুকনী পদক লাভ কৰে।

আজি বঁটা বিতৰণী অনুষ্ঠানত বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই বিজয়ী সকলৰ হাতত পদক প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত সু-উজ্বল হোৱাৰ লগতে পৰৱৰ্তী সময়ত উদ্যোক্তাসকলক এই অনুষ্ঠানসমূহ আগুৱাই লৈ যাবলৈ অনুপ্ৰেৰণা দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...