গুৱাহাটী বিমানকোঠত বেডমিন্টন চেম্পিয়নশ্বীপৰ সফল সামৰণি

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি বেডমিন্টন চেম্পিয়নশ্বীপৰ সফল সামৰণি পৰে। উল্লেখযোগ্য যে, এই খেল যোৱা ২৬ ডিচেম্বৰ তাৰিখে আৰম্ভ হৈ আজি সফল সামৰণি পৰে। সম্পূৰ্ণ খেলখনত বিমানবন্দৰত বিভিন্ন স্থান আৰু বিভাগত কৰ্মৰত প্ৰায় ৩০ টা দলে প্ৰতিনিধিত্ব কৰিছিল।

পুৰুষৰ শাখাত ৰিপুণ বৰা আৰু দিপক চন্দ্ৰ পলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। দিপক ভগত আৰু মনজয় ৰাভাই যুটীয়াভাৱে প্ৰথম ৰানাৰ্ছআপ আৰু নিকলাছ নাৰ্জাৰী আৰু অভয় শৰ্মাই দ্বিতীয় ৰানাৰ্ছআপ, হৰি সোনোৱাল আৰু ৰাজেশ্বৰ ৰাভাই ক্ৰমান্বয়ে তৃতীয় পদক লাভ কৰে।

আনহাতেদি, মহিলাৰ শাখাত চ’ফিয়া আলী আৰু মায়াশ্ৰী গগৈয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। হেমা কোঁৱৰ আৰু লালদুহপুই নাৰ্জাৰীয়ে প্ৰথম ৰানাৰ্ছ আপ লাভ কৰে। সঞ্জয় গুৰুঙে নিচুকনী পদক লাভ কৰে।

আজি বঁটা বিতৰণী অনুষ্ঠানত বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই বিজয়ী সকলৰ হাতত পদক প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত সু-উজ্বল হোৱাৰ লগতে পৰৱৰ্তী সময়ত উদ্যোক্তাসকলক এই অনুষ্ঠানসমূহ আগুৱাই লৈ যাবলৈ অনুপ্ৰেৰণা দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ; মহিলাৰ কাবাডীত চেম্পিয়ন ভাৰত

আইচি-নাগোয়া এছিয়ান গেমছ ২০২৬ত ভাৰতীয় মহিলা কাবাডী দলৰ স্বৰ্ণ...