NPS প্ৰত্যাহাৰৰ দাবীত ১ ফ্ৰেব্ৰুৱাৰীত ক’লা দিৱস পালন কৰিব কৰ্মচাৰীসকলে

0 1,428

“বৰ্তমানৰ চৰকাৰখন এক জনহিতৈষী, সংস্কাৰমুখী আৰু উন্নয়নকামী বুলি কলেও চৰকাৰী কৰ্মচাৰী সমাজৰ ক্ষেত্ৰত সেয়া প্ৰমানিত হোৱা নাই। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজ আজি শংকিত নিজৰ ভবিষ্যত অৱসৰী জীৱনৰ আৰ্থিক দন্যতাৰ বাবে। এন পি এছৰ অধীনত অৱসৰ পোৱা ৯০০০ জন শিক্ষক-কৰ্মচাৰীৰ জীৱন সকলোৰে চকুৰ সন্মুখত। এই ত্ৰাসিত কৰ্মচাৰী সমাজৰ হৈ 30 হাজাৰোধিকে যোৱা ইং ৮ নবেম্বৰ ২০২২ তাৰিখে একত্ৰে জনোৱা পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ দাবীক আন অনুৰোধৰ দৰে গুৰুত্বহীন বুলি ভাবি কৰ্মচাৰী সমাজক অন্যায় কৰা যেন হৈছে। আজি অসমৰ কৰ্মচাৰী সমাজে নিজৰ ভবিষ্যত সুৰক্ষাৰ স্বাৰ্থ নিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ। আগন্তুক সময়ত আমি এক হৈ পুৰণি পেঞ্চন পুন: প্ৰতিষ্ঠা নোহোৱা পৰ্য্যন্ত সংগ্ৰাম কৰিবলৈ সাজু। প্ৰশাসন ব্যৱস্থাৰ ৯৯% হৈ আমি চৰকাৰৰ সদিচ্ছাৰ বাবে দাবী জনাইছো। যদিহে আমাৰ পৰা ১০০% কাম, দক্ষতা আশা কৰা হয়, আমাৰ দাবীক সঠিক গুৰুত্ব দিবই লাগিব। অহা ইং ১ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে ক’লা (Black Day) দিবস পালন কৰা উপৰিও ইং ১০ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে এদিনীয়া কৰ্মবিৰতি পালন কৰি পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ বাবে চৰকাৰৰ সদিচ্ছা আহ্বান জনাব”। আজি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই আয়োজন কৰা এক সংবাদ মেলত এই প্ৰেছ বিজ্ঞপ্তিৰে প্ৰকাশ কৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই।

চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ। তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে। তেওলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মূখ্যত কাম কৰি আহিছে। এই সকল ব্যক্তিৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল’ব লাগিব। এয়া ভাৰতৰ সভ্যতা, সংস্কৃতিয়ে নিৰ্দেশ কৰিছে। চৰকাৰে এন পি এছ ব্যৱস্থাৰে অসমৰ বিষয়া- শিক্ষক- আৰক্ষী- কৰ্মচাৰী সমাজক অন্ধকাৰ ভবিষ্যতলৈ নিয়া কাৰ্য ভাৰতীয় ঐতিহ্য, সভ্যতা, সংস্কৃতিৰ পৰিপন্থী। সেয়েহে অনতিপলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰী সকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে। ইতিমধ্যে ৰাজস্থান, চত্তিশগড়, ঝাৰখণ্ড, পঞ্চাৱ চৰকাৰৰ উপৰিও হিমাচল প্ৰদেশ চৰকাৰে পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠা কৰি ৰাজ্য কেইখনৰ কৰ্মচাৰী সমাজক ন্যায় প্ৰদান কৰিছে। আজি স্পষ্ট যে অসম চৰকাৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছে কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষা।

এনপিএছ ব্যৱস্থাটো চৰকাৰী কৰ্মচাৰী সকলৰ বাবে এক অভিশাপ স্বৰূপ ৷ এই ব্যৱস্থাটোৱে কৰ্মচাৰী সকলৰ অৱসৰী জীৱনলৈ চৰম হতাশা নমাই আনিব ৷ ইতিমধ্যে এনপিএছ ব্যৱস্থাৰ আওতাত যিসকল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে সেইসকলে পেঞ্চনৰ নামত মাত্ৰ ৫০০ টকাৰ পৰা ২০০০ টকালৈহে পাই আছে ৷ আনকি বহু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ পৰিমাণ ইয়াতকৈ কম ৷ গতিকে এই ব্যৱস্থাটো চৰকাৰে অতিশীঘ্ৰে বাতিল কৰিব লাগে আৰু সকলো কৰ্মচাৰীকে পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আনিব লাগে ৷ কিয়নো পেঞ্চন হৈছে চৰকাৰী কৰ্মচাৰীৰ বাৰ্ধক্যৰ লাখুটি ৷ অনাগত সময়ত ৰাইজৰ মাজত আমি বিষয়টি আগুৱাই লৈ যাম।

উল্লেখ্য যে, এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ লগতে অন্যান্য অৱসৰকালীন অসুবিধা সমূহ দূৰ কৰাৰ হকে যোৱা ৮/১১/২০২২ তাৰিখে এক পদযাত্ৰা আয়োজন কৰা হৈছিল। প্ৰশাসনৰ তীব্ৰ হেচাৰ পিছতো ত্ৰিশ হাজাৰোধিক শিক্ষক-বিষয়া-কৰ্মচাৰীয়ে খানাপাৰাত একত্ৰ হৈ চৰকাৰক বিষয়টি সমাধানৰ বাবে দাবী জনাইছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাবে সংস্থালৈ বিষয়টিত সমমৰ্মিতা প্ৰকাশ কৰি আলোচনাৰ পোষকতা কৰাৰ পিছতো চৰকাৰৰ আনুষ্ঠানিক সহাৰি নোপোৱাটো অতি পৰিতাপৰ কথা। চৰকাৰৰ শেহতীয়া ভূমিকাত কৰ্মচাৰী সমাজ যথেষ্ট অসন্তুষ্ট। অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থত অসম চৰকাৰৰ পৰা আমি তাৎক্ষনিক ইতিবাচক সঁহাৰি বিচাৰো ৷ অসমৰ কৰ্মচাৰী সমাজৰ দাবীৰ প্ৰতি চৰকাৰৰ যি মনোভাৱ সেয়া মুঠেও সন্তোষজনক নহয় বাবে এক শক্তিশালী গনতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ চৰকাৰে এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নকৰালৈকে ৰাজ্যৰ কৰ্মচাৰী সকলে আন্দোলন অব্যাহত ৰাখিব ৷ অতি শীঘ্ৰে কৰ্মচাৰীৰ এই দাবীৰ প্ৰতি সহাঁৰি নজনালে যোৱা ইং ৮/১১/২০২২ তাৰিখৰ দৰে পদযাত্ৰা কাৰ্যসূচী সকলো জিলাতে গ্ৰহণ কৰা হ’ব ৷ সংস্থাই আহ্বান জনোৱা সকলো কাৰ্যসূচী লৈ পূৰ্ণ সহযোগিতা প্ৰদান কৰিব ১৩০ সংস্থা/ সংঘৰ অন্যতম সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ আৰু মঞ্চৰ অংশীদাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থ, অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা, অসম হাইস্কুল শিক্ষক সংস্থা, অসম কনিষ্ঠ মহাবিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী সন্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্মী সন্থা, জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ্ (CITU), সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘ আৰু ইয়াৰ অধীনৰ সমুহ সংস্থা/ সংঘ, অসম ৰাজ্যিক কৰ্মচাৰী ফেদাৰেচন, অসম সচিবালয় সেৱা সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, সদৌ অসম চেকেণ্ডেৰী স্নাতক শিক্ষক সন্থা, সদৌ অসম জলসিঞ্চন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থা, সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলন, সদৌ অসম চৰকাৰী জিলা পৰিবহন কৰ্মচাৰী সন্থা, সদৌ অসম বহুমুখী স্বাস্থ্য কৰ্মী (পুৰুষ) সন্থা, সদৌ অসম আমোলা সন্থা, অসম ৰাজ্যিক শিক্ষক-কৰ্মচাৰী সংস্হা (২০১৩ প্ৰাদেশীকৃত), নৱ প্ৰাদেশিকীকৃত প্ৰাথমিক (নিম্ন+উচ্চ) শিক্ষক সংস্থা অসম, সদৌ অসম শাখা সহকাৰী আৰু উপ অভিযন্ত্ৰা সেৱা সন্থা, সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সন্থা, সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা সদৌ অসম বুনিয়াদী শিক্ষক সন্থা অসম, উত্তৰ পূৱ ৰেলৱে মজদুৰ ইউনিয়ন, Assam Electricity Employees Movement for Old Pension System আদিৰ উপৰিও উত্তৰ পূৱ ৰাজ্য সমূহৰ সকলো শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সন্থা/ সংঘই।” চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই প্ৰকাশ কৰে ৷

Leave A Reply

Your email address will not be published.