একেলগে জ্বলিব ৩ শতাধিক চৌকা, ৫ লক্ষাধিক ভকতৰ বাবে সাজু হ’ব মহাপ্ৰসাদ

একেলগে ১০ হাজাৰ ভকতে গ্ৰহণ কৰিব মহাপ্ৰসাদ
একেলগে জ্বলিব ৩ শতাধিক চৌকা
৫ লক্ষাধিক ভকতৰ বাবে সাজু হ’ব মহাপ্ৰসাদ
৩৫ খন উপসমিতিৰ অবিৰত আয়োজন
এয়া ৰঙিয়াৰ হাতীখলা পথাৰ

আয়োজিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ‘ৰঙিয়া অধিৱেশন’। হৰি ধ্বনিৰে ৰন্ধনশালত গুমগুমাইছে। বৈছে হৰি নামৰ অমিয়া নিজৰা। অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত আয়োজিত হৈছে অধিৱেশনখনি। আদৰণি সমিতিয়ে সম্পন্ন কৰিছে আয়োজনৰ প্ৰায় প্ৰস্তুতি। ৩৫ খনকৈ উপসমিতিয়ে দিনে নিশাই আগবঢ়ায় নিছে অধিৱেশনৰ প্ৰস্তুতিৰ কাম। অধিৱেশনৰ বাবে গঠিত উপ সমিতি সমূহৰ অন্যতম ৰন্ধন আৰু বিতৰণ উপসমিতিয়ে সাজু হৈ উঠিছে প্ৰায় ৫ লক্ষাধিক ভক্তক মহাপ্ৰসাদেৰে আপ্যা?ণৰ বাবে। একেলগে দহহাজাৰ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰা হৈছে আহাৰ গ্ৰহণৰ স্থান। ৰন্ধনৰ বাবে সাজু কৰা হৈছে তিনিশৰো অধিক চৌকা। লানি লানিকৈ সাজু কৰা হৈছে চৌকাসমূহ। জাপি জাপি ৰখা হৈছে কাঠৰ খৰি। বাপ, বান্ধৱ, আই মাতৃক আদৰিবলৈ, আপ্যায়িত কৰিবলৈ চলিছে অপাৰ প্ৰস্তুতি। হাতীখলা পথাৰত নিৰ্মিত হৈছিল অস্থায়ী নামঘৰ। অধিৱেশনলৈ আধা পষেকৰো অধিক দিন বাকী থকা অৱস্থাতো ৰাইজে ভিৰ কৰিছে অধিৱেশনস্থলীত। আটকধুনীয়াকৈ সজোৱা থলীয়ে আকৰ্ষিত কৰিছে ভকত–বান্ধৱক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...