ছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ছহিদ অসমৰ জোৱান

ছত্তিশগড়ত সংঘটিত হৈছে মাওবাদীৰ আক্ৰমণৰ ঘটনা। মাওবাদীৰ এই আক্ৰমণত ছহিদ হৈছে অসমৰ CRPF জোৱান লম্বোধৰ সিংহ। ছহিদ লম্বোধৰ সিংহৰ ঘৰ বঙাইগাঁৱৰ বিদ্যাপুৰত। লম্বোধৰৰ মৃত্যুৰ খবৰে শোকাকুল পৰিৱেশৰ কৰিছে বিদ্যাপুৰত।

মঙলবাৰে ছত্তিশগড়ৰ বিজাপুৰত CRPFৰ ওপৰত আক্ৰমণ চলাইছিল মাওবাদীয়ে। এই আক্ৰমণত লম্বোধৰ সিংহসহ ছহিদ হয় ৩ জোৱান। মাওবাদীৰ এই আক্ৰমণত গুলীবিদ্ধ আন ১৫জনকৈ জোৱান। ঘটনাত আহতসকলক ভৰ্তি কৰোৱা হৈছে ছত্তিশগড়ৰ চিকিৎসালয়ত। এই আক্ৰমণৰ প্ৰত্যুত্তৰত CRPFৰ গুলীত কেইবাজনো মাওবাদী হতাহত। উল্লেখ্য যে এক অভিযানৰ সময়তে দুই পক্ষৰ মাজত লাগে গুলীয়াগুলী। কোব্ৰা বেটেলিয়ন, CRPFৰ সৈতে হয় মাওবাদীৰ গুলীয়াগুলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...