আলফা(স্বাঃ)ত আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট!

আণ্ডাৰ ক’ভাৰ এজেন্ট
আলফা (স্বাঃ)ত আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্ট
আকৌ চাওক, কি কৈছে মানস বৰগোঁহায়ে?

আলফা (স্বাঃ)-এ প্ৰেৰণ কৰা ভিডিঅ’
শিবিৰত বন্দীত্ব অৱস্থাত গুপ্তচৰ মানস বৰগোঁহাই

এইবাৰ চাওঁক, ২০২৩ৰ নৱেম্বৰৰ এক দৃশ্য। আলফা (স্বাঃ)লৈ গৈ কি কৈছিল মানসে?

আলফা (স্বাঃ)-এ প্ৰেৰণ কৰা ভিডিঅ’
আলফা (স্বাঃ)ত যোগদানৰ সময়ত মানস বৰগোঁহাই

এইবাৰ চাওঁক, ২০২২ৰ ১৫ আগষ্টৰ এক দৃশ্য। প্ৰাক্তন সেনাৰ অনুষ্ঠানত মানস বৰগোঁহাই।

গুৱাহাটীত সাংবাদিকে গ্ৰহণ কৰা দৃশ্য
১৫ আগষ্টত প্ৰাক্তন সেনাৰ অনুষ্ঠানত মানস বৰগোঁহাই

যুৱক একেজনেই- মানস বৰগোঁহাই। একেজন যুৱকৰ ৩টা ভিন্ন ৰূপ। এটা ২০২২ৰ, এটা ২০২৩ৰ আৰু এটা একেবাৰে শেহতীয়া ২০২৪ৰ। ছাত্ৰ অৱস্থাত মেধাৱী গোলাঘাটৰ মানস বৰগোঁহায়ে উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ হৈয়েই ২০১৯ত গুৱাহাটীলৈ আহিছিল। গুৱাহাটীৰ এক ব্যক্তিগত শিক্ষানুষ্ঠানত আভিযান্ত্ৰিকৰ পাঠ্যক্ৰম গ্ৰহণ কৰি স্নাতক উপাধি পোৱাৰ পূৰ্বে গাড়ীৰ ব্যৱসায় আৰম্ভ কৰিছিল মানস বৰগোঁহায়ে। প্ৰথমে এটা ট্ৰেভেল এজেন্সী খুলিছিল মানসে। তাৰ পিছতে মুকলি কৰিছিল গাড়ী যোগান আৰু প্ৰযুক্তিগত সহায়ৰ এটা বিশেষ এপ। সেনা-আৰক্ষীক গাড়ী যোগান ধৰিছিল মানসে। তাৰ পিছতেই অজ্ঞাত সংযোগত ২০২১ত মানস বৰগোঁহাই নিযুক্ত হৈছিল পুলিছৰ আণ্ডাৰ ক’ভাৰ এজেন্ট হিচাপে। প্ৰশিক্ষণৰ পিছত মিছন আছিল আলফা (স্বাঃ) শিবিৰত চোৰাংচোৱাগিৰিৰ। মানস বৰগোঁহাইৰ পিতৃয়েও ক’লে- পুলিচত চাকৰি পাইছিল মানসে। ইউনিফৰ্ম চিলাবলৈ টকা নিছিল মোৰ পৰা।

এইবাৰ আহিছো কাহিনীৰ আন এক চৰিত্ৰ মানস চলিহাৰ প্ৰসংগলৈ। এইজন মানস চলিহা। আৰক্ষীৰ গুপ্তচৰ বুলি মানস বৰগোঁহাই ধৰা পৰাৰ পিছত আলফা স্বাধীনে প্ৰেৰণ কৰা প্ৰথমটো ভিডিঅ’তে সাঙোৰ খাইছিল মানস চলিহা নামৰ যুৱকজন। মানস চলিহাই প্ৰশিক্ষণ দিছিল আৰক্ষীৰ আণ্ডাৰ ক’ভাৰ এজেন্টক। মঙলবাৰে আলফা (স্বাঃ)-এ প্ৰেৰণ কৰিলে অসম চৰকাৰ বুলি লিখা থকা বিলাসী স্ক’ৰপিঅ’সহ মানস চলিহাৰ ফটো। গাড়ীখন হেনো ২০২২তে বিক্ৰী কৰিছে মানসে।

কিন্তু ২০২১ত ফটোখন ফেচবুকত নিজেই দিছিল মানস চলিহাই। এয়া মানসৰ ফেচবুক একাউন্টৰ তথ্য। তেতিয়াই নিজৰ স্ক’ৰপিঅ’ৰ নম্বৰ প্লেটত অসম চৰকাৰৰ ষ্টিকাৰ লগাইছিল এই যুৱকজনে। আৰক্ষীৰ গুপ্তচৰ মানস বৰগোঁহাইক চিনি নাপাও বুলি কোৱা মানসে মঙলবাৰে সাংবাদিকক কৈছিল- ২০২১ৰ পৰা ২০২৩লৈ তেওঁ হেনো অসমতেই নাছিল।

কিন্তু নহয়। মানসৰ এই কথাও মিছা। ২০২১ৰ পৰা ২০২৩ লৈ অসমতেই আছিল মানস চলিহা। গুৱাহাটীৰেই ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা আভিযান্ত্ৰিকৰ শিক্ষা লোৱা কিন্তু পেচাত মূলতঃ মাছ আৰু পাচলি ব্যৱসায়ী মানস চলিহাই সেই সময়চোৱাত অসমৰেই বিভিন্ন প্ৰান্তত চলাই আছিল মাছ-পাচলিৰ ৰমৰমীয়া ব্যৱসায়। এয়া তাৰেই প্ৰমাণ। এই সকলো তথ্য খোদ মানস চলিহাৰেই ফেচবুক একাউন্টৰ পৰা সংগ্ৰহ কৰা। অথচ চতুৰ মানস চলিহাৰ মতে তেওঁ হেনো কোনোবা মাল্টি নেশ্যনেল কোম্পানীৰ অভিযন্তা।

অভিযন্তা মানস চলিহাই মানস বৰগোঁহাইসহ অসম আৰক্ষীৰ বিশেষ শাখাৰ এনে বহু আণ্ডাৰ ক’ভাৰ এজেন্টক দিছিল কাৰিকৰী-প্ৰযুক্তিৰ প্ৰশিক্ষণ। মানসে কি শিকাব সেয়া তেওঁক শিকাই দিছিল শীৰ্ষ আৰক্ষী বিষয়াই। এই সমগ্ৰ কাহিনীক্ৰম বৰ জটিলো নহয়। আৰক্ষী-উগ্ৰপন্থীৰ যুদ্ধত বিপক্ষৰ শিবিৰত গুপ্ততৰ প্ৰেৰণৰ প্ৰক্ৰিয়া তেনেই স্বাভাৱিক। এইবাৰ যেনিবা সকলো কথা মুকলি হৈ গ’ল। ফলশ্ৰুতিত জীৱন বিপন্ন হ’ল আৰু এজন অসমীয়াৰ। আলফা (স্বাঃ)ৰ সংবিধান মতে মানস বৰগোঁহাইৰ শাস্তি মৃত্যুদণ্ড। সেই খিনিতে পৰেশ বৰুৱালৈ সকলোৰে আহ্বান- মানসক মৃত্যুদণ্ড নিদিব।

NKTV Digital
Author: NKTV Digital

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...