চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভৰ উদ্গীৰণৰ পিছতে জৰুৰী অৱস্থা ঘোষণা, হাহাকাৰ পৰিস্থিতি

দেউলীয়া শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা। ৰাষ্ট্ৰপতি ৰাজাপাকছাই শুকুৰবাৰে দেশখনত ঘোষণা কৰে জৰুৰী অৱস্থা। দ্বীপৰাষ্ট্ৰত চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভৰ উদ্গীৰণৰ পিছতে জৰুৰী অৱস্থা ঘোষণা। চৰকাৰৰ ভুল নীতিৰ বাবেই ভয়ংকৰ বিত্তীয় সংকটত দ্বীপৰাষ্ট্ৰখন।

দেউলীয়া শ্ৰীলংকাত খাদ্য, খোৱাপানীৰ ভয়ংকৰ সংকট। ইন্ধনৰ সমান্তৰালকৈ বিদ্যুতৰ নাটনিত দৈনিক ১৩ ঘণ্টাকৈ হৈছে লোডশ্বেডিং। অত্যধিক ঋণ নিৰ্ভৰশীলতা আৰু ভুল বৈদেশিক নীতিৰ বাবে তীব্ৰ সংকটত শ্ৰীলংকা। ৰাজাপাকছা চৰকাৰৰ বিৰুদ্ধে অব্যাহত শ্ৰীলংকাৰ নাগৰিকৰ বিক্ষোভ।

ৰাষ্ট্ৰপতিৰ বাসগৃহ ঘেৰাও কৰি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ। জনতাৰ এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততে অৱশেষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হেমন্ত কুমাৰ কলিতা বিশ্ব বক্সিঙৰ বিত্ত আৰু হিচাপ কমিটীৰ সদস্যৰূপে নিৰ্বাচিত

ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান তথা অসম এমেচাৰ বক্সিং...

মহানগৰীত নাহৰফুটুকীৰ আতংক

মহানগৰীত নাহৰফুটুকীৰ আতংক। কাহিলিপাৰাৰ শান্তিনগৰত নাহৰফুটুকীৰ ত্ৰাস। এঘৰৰ চৌহদত...

কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত এজন

কাজিৰঙাত গঁড়ৰ আক্ৰমণত এজন লোক নিহত। কাজিৰঙাৰ হালধিবাৰীত সংঘটিত...

পিষ্টল দেখুৱাই এটা পেট্ৰ’ল ডিপোৰ পৰা লৈ গ’ল লক্ষাধিক টকা

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। পিষ্টল...