ৰাজা ৰঘূবংশীৰ হত্যাক লৈ পত্নী সোনম ৰঘূবংশীৰ স্বীকাৰোক্তি; আৰক্ষীৰ জেৰাত কি কি ক’লে সোনমে?

🖊️গালিবুৰ ৰহমান, সাংবাদিক, NKTV Plus

ইন্দোৰৰ ৰাজা ৰঘূবংশীৰ হত্যা সন্দৰ্ভত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। সোনম ৰঘূবংশীসহ ৫ অভিযুক্ত এতিয়া মেঘালয় আৰক্ষীৰ জিম্মাতে আছে। আটাইকেইটা অভিযুক্তক লৈ মেঘালয় আৰক্ষী পুনৰ ইন্দোৰলৈ যোৱাৰ সম্ভাৱনা।

হত্যাৰ ব্লু-প্ৰিন্ট: সোনমৰ শিহৰণকাৰী পৰিকল্পনা

প্লেন A আৰু প্লেন B ফাদিল: সোনম ৰঘূবংশীয়ে স্বামী ৰাজা ৰঘূবংশীক হত্যাৰ বাবে দুটাকৈ ব্লু-প্ৰিন্ট ৰচনা কৰিছিল। মেঘালয়লৈ নিয়া ভাড়াতীয়া হত্যাকাৰীকেইজন ব্যৰ্থ হোৱাহেঁতেন প্লেন-B সাজু কৰি থৈছিল সোনমে। তেতিয়া সোনমে নিজেই ছেল্ফী তোলাৰ চলেৰে পাহাৰৰ ওপৰৰ পৰা গতিয়াই মাৰি পেলালেহেঁতেন ৰাজাক।

বিয়াৰ পূৰ্বৰে পৰিকল্পনা: মেঘালয় আৰক্ষীৰ তথ্য অনুসৰি সোনম আৰু প্ৰেমিক ৰাজ কুশ্বৱাহে চলিত ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰাই ৰাজা ৰঘূবংশীক তেওঁলোকৰ বাটৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰি আছিল। বিবাহত বাধা দিব নোৱাৰি বিবাহৰ পিছতেই ৰাজাক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল দুয়ো।

ঘটনাস্থলীত সোনম: ৰাজা ৰঘূবংশীৰ হত্যাৰ সময়ত ঘটনাস্থলীত নিজেই উপস্থিত আছিল সোনম। ৰাজাক আক্ৰমণ কৰিবলৈ ৩ হত্যাকাৰী সোনমে নিজেই উচটাই দিছিল। মৃত্যুৰ পূৰ্বে ছটফটাই থকা ৰাজাৰ প্ৰতিও অকণমানো সহানুভূতি নেদেখুৱালে সোনমে। অন্তিম সময়তো ৰাজাক সহায় কৰাৰ পৰিৱৰ্তে হত্যাকাৰীক কাম শেষ কৰিবলৈ নিৰ্দেশহে দিছিল সোনমে।

মিছা কাহিনী ৰচনা: আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ এই হত্যাকাণ্ডক ‘ছেল্ফী তোলাৰ সময়ত সংঘটিত ঘটনা’ বুলি পতিয়ন নিয়াবলৈ যৎপৰোনস্তি চেষ্টা কৰিছিল সোনমে।

ইন্দোৰতেই আত্মগোপন: ৰাজাক হত্যা কৰি মেঘালয়ৰ পৰা উভতি গৈ ইন্দোৰতে আত্মগোপন কৰি আছিল সোনম ৰঘূবংশীয়ে। ২৫ মে’ৰ পৰা ৮ জুনলৈ ইন্দোৰৰ দেৱাসনাকা এলেকাৰ এটা ভাড়াৰ ফ্লেটত লুকাই আছিল সোনম। ফ্লেটটো বুক কৰিছিল অভিযুক্ত বিশাল সিং চৌহানে।

চিৰদিনৰ আত্মগোপন: ৰাজা ৰঘূবংশীক হত্যা কৰাৰ পাছত চিৰদিনৰ বাবে আত্মগোপন কৰাৰ পৰিকল্পনা কৰিছিল সোনমে। আন এগৰাকী যুৱতীক হত্যা কৰি সেই মৃতদেহটো সোনমৰ বুলি দেখুওৱাৰো পৰিকল্পনা কৰিছিল, যাতে চিৰদিনৰ বাবে পৰিচয় সলাই অন্তৰ্ধান হৈ যাব পাৰে সোনম।

অভিযোগ-প্ৰতিঅভিযোগ: আৰক্ষী জিম্মালৈ অহাৰ এদিন পূৰ্বে সোনম ৰঘূবংশী আৰু ৰাজ কুশ্বৱাহে এজনে আনজনক ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি কৈ আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল।

সোনমৰ কবুলনামা: মেঘালয় আৰক্ষীয়ে সংগ্ৰহ কৰা চাঞ্চল্যকৰ তথ্য প্ৰমাণ আৰু জেৰাৰ সময়ৰ তীক্ষ্ণ প্ৰশ্নবানত ভাগি পৰিছিল সোনম ৰঘূবংশী। জেৰাতেই হত্যাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ কথাও স্বীকাৰ কৰে সোনমে।

চুপাৰি কিলিং নাছিল: মেঘালয় আৰক্ষীয়ে দাবী কৰা অনুসৰি ৰাজা ৰঘূবংশীৰ হত্যা চুপাৰি কিলিং নাছিল। ৰাজ কুশ্বৱাহৰ ৩ বন্ধুৱে ‘বন্ধুত্বৰ প্ৰতিদান’ হিচাপে ৰাজা ৰঘূবংশীৰ হত্যাত সহযোগ কৰিছিল।

মেঘালয় আৰক্ষীয়ে ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে যথাসম্ভৱ সকলো চেষ্টা অব্যাহত ৰাখিছে। অভিযুক্তৰ ৮ দিনৰ আৰক্ষী জিম্মা অন্ত পৰাৰ পূৰ্বে আৰু পাছত মেঘালয় আৰক্ষীৰ পৰিকল্পনাবোৰ এনেধৰণৰ–

আৰক্ষীৰ পৰৱৰ্তী তদন্ত: এতিয়া কি হ’ব?

ক্ৰাইম চিন ৰিক্ৰিয়েশ্বন: মেঘালয় আৰক্ষীয়ে সোনম ৰঘূবংশীসহ ৫ অভিযুক্তক ছোহৰাৰ ৱেইশ্বদং জলপ্ৰপাতৰ সমীপৰ ঘটনাস্থলীলৈ নি হত্যাৰ দৃশ্যৰ পুণৰাবৃত্তি কৰাৰ প্ৰয়াস কৰিব, যাতে সমগ্ৰ ঘটনাক্ৰম অভিযুক্তৰ ভিত্তিত প্ৰমাণিত হয়।

মুখামুখি জেৰা: সোনম ৰঘূবংশী আৰু ৰাজ কুশ্বৱাহৰ সৈতে সকলো অভিযুক্তকে মুখামুখিকৈ বহুৱাই পুনৰ জেৰা কৰা হ’ব, যাতে অভিযুক্তসকলে এতিয়ালৈ দিয়া স্বীকাৰোক্তিৰ সত্যতা পোহৰলৈ আহে।

ফৰেনছিক আৰু ডিজিটেল প্ৰমাণ: মেঘালয় আৰক্ষীৰ হাতত আছে ৰাজা ৰঘূবংশীৰ মৃতেদহৰ কাষত পোৱা সোনমৰ বগা টি-ছাৰ্টটো, ৮ কিঃমিঃ আঁতৰত পোৱা সোনমৰ ৰেইনকোটটো, হত্যাত ব্যৱহৃত গুৱাহাটীৰ পৰা ক্ৰয় কৰা দা খন আৰু অন্যান্য অভিযুক্তসকলৰ ছাৰ্টবোৰ। মোবাইল আৰু অন্য ডিজিটেল সাক্ষ্য সমূহৰো পুংখানুপুংখকৈ পৰীক্ষা কৰা হৈছে।

নাৰ্কো টেষ্ট: নিহত ৰাজা ৰঘূবংশীৰ ভাতৃ শচীন ৰঘূবংশীয়ে সোনম আৰু ৰাজ কুশ্বৱাহৰ নাৰ্কো টেষ্টৰ দাবী উত্থাপন কৰিছে, যাতে প্ৰকৃত সত্য উদ্ঘাটন হয়। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক সিদ্ধান্ত হোৱা নাই।

SITৰ অনুসন্ধান: মেঘালয় আৰক্ষীৰ SITয়ে ৰাজা হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৫ অভিযুক্তক পৃথকে পৃথকে জেৰা কৰিছে। আৰক্ষীয়ে সোনমৰ ‘মঙলৰ দোষ’ সংক্ৰান্তীয় দাবী আৰু পাৰিবাৰিক হেঁচা সংক্ৰান্তীয় কথাবোৰৰো অনুসন্ধান কৰি আছে।

হত্যাকাৰীৰ ঠিকনা চিনাক্তকৰণ: মেঘালয় আৰক্ষীৰ দল সেই প্ৰতিটো স্থানলৈ যাব য’ত য’ত হত্যাকাৰীয়ে নিশা কটাইছিল, যাতে আটাইকেইজন অভিযুক্তৰে গতিবিধি সন্দৰ্ভত নিশ্চিত তথ্য লাভ কৰিব পাৰি।

ইন্দোৰলৈ ৫ অভিযুক্ত: মেঘালয় আৰক্ষীয়ে ৰাজা ৰঘূবংশী হত্যাৰে জড়িত ৫ অভিযুক্তক পুনৰ ইন্দোৰলৈ নিয়াৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। অভিযুক্তক লগত লৈ ইন্দোৰৰ পৰাও তথ্য প্ৰমাণ সংগ্ৰহৰ পৰিকল্পনা কৰিছে মেঘালয় আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...