ভেদাইলতাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?

ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট বনশাক। ভেদাইলতাৰ এটা অকটা গোন্ধ আছে। ভেদাইলতা ঘৰৰ-বাৰীখনৰ জেকা আৰু হাবিতলীয়া ঠাইত গজে। ভেদাইলতা আমি খাদ্য সামগ্ৰীহিচাপে ব্যৱহাৰ কৰো। ভেদাইলতাৰ আছে বহুতো উপকাৰিতা। ভেদাইলতাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।

  • ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।
  • বাতবিষত আক্ৰান্ত হ’লে ভেদাইলতা ৰস খালে আৰোগ্য হয়।
  • অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে।
  • ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে।
  • দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে।
  • ভেদাইলতাৰ ৰস খালে স্নায়ুৰোগত সুফল পোৱা যায়।
  • ভৰি-হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।
  • ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়।
  • ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়।
  • প্ৰসূতিসকলৰ প্ৰসৱৰ আগে-পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে।
  • গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী।
NKTV Digital
Author: NKTV Digital

617 COMMENTS

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...