তৈলাক্ত ছালৰ বাবে কিদৰে ঘৰতে ল’ব যত্ন?

গ্ৰীষ্মৰ আগমনৰ লগে লগে ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে ৷ গৰমৰ দিনত তৈলাক্ত ছালৰ যত্ন বেছিকৈ ল’ব লাগে। কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে। এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰসমূহ ডাঙৰ হয়। ব্লেক হেডছ আদিয়ে বেছিকৈ দেখা দিয় ৷ গৰম দিনত ছালৰ তৈলাক্ত ভাব কমাবলৈ আছে কিছুমান ঘৰুৱা বিধান । দৈ আৰু নেমু ৰসৰ মিশ্ৰণ মুখত ২০ মিনিট লগাই ধুই দিব লাগে ৷ দৈ আৰু নেমু ৰসে ছালক মইশ্বাৰাইজ কৰে ৷ দৈয়ে মুখৰ উজ্বলতা বৃদ্ধি কৰে ৷ নেমু ৰসত ভিটামিন চি থাকে ৷ ভিটামিন চিয়ে ছালক অতি বেঙুনীয়া ৰশ্মিৰ পৰা হোৱা অপকাৰত বাধা দিয়ে ৷ তৈলাক্ত ছালৰ বাবে আন এটা উপকাৰী পেক হৈছে, মুলতানী মাটি, গোলাপ জল আৰু নেমু ৰসৰ মিশ্ৰণ ৷ মুলতানী মাটি তৈলাক্ত ছালৰ বাবে মহৌষধ । লগতে বেচন, দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰে ছালক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে ৷ দৈৰ সলনি এই মিশ্ৰণত গোলাপ জলো ব্যৱহাৰ কৰিব পাৰি ৷ আনহাতে মচুৰ দাইল গাখীৰত তিয়াই কোমল কৰি লৈ দাইলখিনি ভালদৰে পিহি মৌৰ লগত মিলাই মুখত ১৫-২০ মিনিট সময় লগাব লাগে ৷ এই মিশ্ৰণে ছালৰ ক’লা দাগৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে ছালৰ তৈলাক্ত ভাৱ দূৰ কৰাত সহায় কৰে ৷ গ্ৰীষ্ম কালত ছালৰ ক্লিনজিঙত গুৰুত্ব আৰোপ কৰিব লাগে ৷ তৈলাক্ত ছালৰ বাবে সদায় অইল ফ্ৰি ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...