এগৰাকী সাধাৰণ মহিলাই ৰক্ষা কৰিলে বহুজনৰ প্ৰাণ!

আপুনি হয়তো ৰে’লৰ লগত ঘটা বিভিন্ন ঘটনাৰ কথা শুনিছে। পিছে এই ঘটনাৰ বিষয়ে শুনিলে উৎসাহিত হৈ উঠিব আপুনি। আমি ক’ব বিচাৰিছো এগৰাকী সাধাৰণ মহিলাৰ সাহসৰ কথা। তেওঁ কৰা কামৰ বাবে এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে এই মহিলাগৰাকীয়।

এইমহিলাগৰাকীয়ে পুৱায়ে ওলাই গৈছিল খেতিপথাৰলৈ। সেই সময়তে মহিলাগৰাকীয়ে ৰেল লাইনৰ মাজত ফাট মেলা প্ৰত্যক্ষ কৰে। সেই সময়খিনিত এখন ৰেল অহাৰো উমান পাই মহিলাগৰাকীয়ে। ৰেলখনত যাত্ৰা কৰি আছিল হাজাৰ হাজাৰ যাত্ৰী। সেই সময়ত মহিলা গৰাকীৰ ৰেলখনক দুৰ্ঘটনাৰ পৰা বচাবলৈ এটি উপায় বিচাৰি পাইছিল। মহিলা গৰাকীয়ে পৰিধান কৰা ৰঙা ৰঙৰ শাৰীখন খুলি তেওঁ ৰেল লাইনৰ ওপৰত ওলোমাই ৰাখে আৰু এনেদৰেই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে হাজাৰজন যাত্ৰীৰ জীৱন। ঘটনাটো শুকুৰবাৰে পুৱা ৭ বাজি ৫৫ মিনিটত সংঘটিত হয়। মহিলা গৰাকী বিহাৰৰ গুলৰিয়া গাওঁৰ নিবাসী। এইগৰাকী ৫৮ বছৰ বয়সীয়া সাহসী মহিলাৰ নাম অমাৱতী।

অমাৱতীয়ে ঘটনা সন্দৰ্ভত জনায় যে, তেওঁ জানিছিল ৰাঙা ৰঙৰ কাপোৰ সন্মুখত থাকিলে ৰেল ৰৈ যায়। আৰু সেইবাবে তেওঁ পৰিধান কৰি থকা শাৰীখন খুলি ৰেল লাইনটোত আঁৰি দিছিল। আৰু এনেদৰেই অমাৱতীয়ে হাজাৰজন যাত্ৰী প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...