তৈলাক্ত ছালৰ বাবে কিদৰে ঘৰতে ল’ব যত্ন?

গ্ৰীষ্মৰ আগমনৰ লগে লগে ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে ৷ গৰমৰ দিনত তৈলাক্ত ছালৰ যত্ন বেছিকৈ ল’ব লাগে। কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে। এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰসমূহ ডাঙৰ হয়। ব্লেক হেডছ আদিয়ে বেছিকৈ দেখা দিয় ৷ গৰম দিনত ছালৰ তৈলাক্ত ভাব কমাবলৈ আছে কিছুমান ঘৰুৱা বিধান । দৈ আৰু নেমু ৰসৰ মিশ্ৰণ মুখত ২০ মিনিট লগাই ধুই দিব লাগে ৷ দৈ আৰু নেমু ৰসে ছালক মইশ্বাৰাইজ কৰে ৷ দৈয়ে মুখৰ উজ্বলতা বৃদ্ধি কৰে ৷ নেমু ৰসত ভিটামিন চি থাকে ৷ ভিটামিন চিয়ে ছালক অতি বেঙুনীয়া ৰশ্মিৰ পৰা হোৱা অপকাৰত বাধা দিয়ে ৷ তৈলাক্ত ছালৰ বাবে আন এটা উপকাৰী পেক হৈছে, মুলতানী মাটি, গোলাপ জল আৰু নেমু ৰসৰ মিশ্ৰণ ৷ মুলতানী মাটি তৈলাক্ত ছালৰ বাবে মহৌষধ । লগতে বেচন, দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰে ছালক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে ৷ দৈৰ সলনি এই মিশ্ৰণত গোলাপ জলো ব্যৱহাৰ কৰিব পাৰি ৷ আনহাতে মচুৰ দাইল গাখীৰত তিয়াই কোমল কৰি লৈ দাইলখিনি ভালদৰে পিহি মৌৰ লগত মিলাই মুখত ১৫-২০ মিনিট সময় লগাব লাগে ৷ এই মিশ্ৰণে ছালৰ ক’লা দাগৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে ছালৰ তৈলাক্ত ভাৱ দূৰ কৰাত সহায় কৰে ৷ গ্ৰীষ্ম কালত ছালৰ ক্লিনজিঙত গুৰুত্ব আৰোপ কৰিব লাগে ৷ তৈলাক্ত ছালৰ বাবে সদায় অইল ফ্ৰি ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...