APSC কেলেংকাৰি আৰু অন্তহীন তদন্তৰ ভেকোভাওনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হেঁচাত অৱশেষত APSC তদন্তৰ খতিয়ান আদালতত দাখিল কৰিবলৈ বাধ্য হ’ল SIT। তদন্তৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময় উকলি যোৱাৰ পিছতো শেষ হোৱা নাছিল SITৰ তদন্ত। তাকে লৈ SITক প্ৰশ্ন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। তাৰ উত্তৰতেই আদালতক তদন্তৰ খতিয়ান দিলে SIT-য়ে। অৱশ্যে তদন্তৰ খতিয়ান বন্ধ খামত দিয়াক লৈ দুৰ্ঘোৰ আপত্তি আবেদনকাৰীৰ। বন্ধ কামত কি আছে সেয়া শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবী। অৱসৰী ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে দিয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দোষী ৰাজপত্ৰিত বিষয়াসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, তাক লৈও সন্দেহৰ আঙুলি।

APSC SCAM
অন্তহীন তদন্ত

সোণোৱাল চৰকাৰৰ দিনত ফাদিল হোৱা ৰাজ্যৰ সৰ্ববৃহৎ APSC নিযুক্তি কেলেংকাৰিৰ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত গাপ দি তৎ পোৱা নাই চৰকাৰে। প্ৰথমে অসম আৰক্ষীৰ তদন্ত, তাৰ পিছত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ ন্যায়িক তদন্ত আয়োগৰ তদন্ত, ন্যায়িক আয়োগে দিয়া পৰামৰ্শৰ আইনী বৈধতা পৰীক্ষাৰ বাবে কমিটী, তাৰ পিছত পুনৰ তদন্তৰ বাবে SIT। মুঠৰ ওপৰত তদন্তই তদন্ত। শেষেই হৈ নাহে তদন্ত।

গঠনৰ সময়তে চৰকাৰে দিয়া সময় উকলি যোৱাৰ পিছতো শেষ নহ’ল SITৰ তদন্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছিল SITক। ২২ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছিল SITক। সোমবাৰে আদালতত SIT-য়ে দাখিল কৰিলে তদন্তৰ খতিয়ান। কিন্তু খতিয়ান আহিল বন্ধ খামৰ ভিতৰত। তাকে লৈ দুৰ্ঘোৰ আপত্তি ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ আবেদনকাৰীৰ। SITৰ বন্ধ খামত কি আছে শীঘ্ৰে ৰাজহুৱা কৰক।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে APSC কেলেংকাৰি সন্দৰ্ভত ইতিমধ্যেই ৰাজ্য চৰকাৰক দাখিল কৰিছে দুখনকৈ বিশাল প্ৰতিবেদন। এখন প্ৰতিবেদন ২০১৩ বৰ্ষৰ কেলেংকাৰিক লৈ আৰু আনখন প্ৰতিবেদন ২০১৪ বৰ্ষৰ কেলেংকাৰিক লৈ। ডিব্ৰুগড় আৰক্ষীয়ে কৰা তদন্তৰ পিছতহে ন্যায়িক তদন্ত আয়োগে কৰিছিল এই তদন্ত। সামগ্ৰিকভাৱে দুয়োখন প্ৰতিবেদনত সৰ্বমুঠ ৫৪ ৰাজপত্ৰিত বিষয়াৰ নাম উল্লেখ কৰিছে আয়োগে, যিসকলে নীতি বহিৰ্ভূতভাৱে ধনৰ বিনিময়ত চাকৰি লৈছিল। ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ পিছতে বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছিল সকলোৱে। কিন্তু সেয়া নহ’ল। আৰু এখন SIT গঠনেৰে তদন্তৰ নামত ভেকোভাওনা কৰি বিষয়াসকলক সুৰক্ষাহে দিলে চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...