নিষ্ঠুৰ নিয়তি! বুকুত অজুত সপোন বান্ধি ঘৰলৈ যোৱা মাতৃ-কন্যা নাপালেগৈ ঘৰ

চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল বাহন। নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল মাতৃ-কন্যাৰ জীৱন। সপোনবোৰত যেন নিমিষতে আউল লাগিল। বুকুত অজুত সপোন লৈ ঘৰলৈ যোৱা মাতৃ-কন্যা নাপলেগৈ ঘৰ। যাত্ৰাপথতে সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা।

মৰাণৰ ঝলমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় মাতৃ-কন্যা। ৰৈ থকা ট্ৰাকত প্রচণ্ড খুন্দা ৱেগনাৰ বাহনৰ। নিহত মহিলাগৰাকী মৰাণহাটৰ খুমটাই সেউজপুৰৰ ববী আখতাৰ। দুৰ্ঘটনাত নিহত হয় এটি ৩ বছৰীয়া কন্যা সন্তানো। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় কন্যা সন্তানটিৰ। গুৱাহাটীৰ পৰা মৰাণস্থিত ঘৰলৈ গৈ আছিল মাতৃ-কন্যা। কিন্তু যাত্ৰাপথতে মাতৃ-কন্যাৰ লগত সংঘটিত হ’ল এই মৰ্মান্তিক ঘটনা। ৱেগনাৰখন গুৱাহাটীৰ পৰা ভাড়া কৰি লৈ গৈছিল মৰাণহাটৰ খুমটাইলৈ। দুৰ্ঘটনাগ্ৰস্ত ৱেগনাৰখনৰ নম্বৰ AS 01 QC 3813। গুৰুতৰভাৱে আহত ৱেগনাৰখনৰ চালকজন সম্প্রতি চিকিৎসাধীন। ঘটনা সন্দৰ্ভত ট্রাকখনৰ চালকজনক আটক আৰক্ষীৰ। শেহতীয়া তথ্য অনুসৰি ৱেগনাৰখনত আছিল কেইবাটাও কুকুৰ। দুৰ্ঘটনাত মৃত্যু হৈছে এটা কুকুৰৰ। ঘটনাস্থলীত মৰাণ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...