দেশত প্ৰথমখন আসন নিশ্চিত হ’ল শাসকীয় বিজেপিৰ

দেশত প্ৰথমখন আসন নিশ্চিত হ’ল শাসকীয় বিজেপিৰ। ফলাফল ঘোষণাৰ পূৰ্বে এখন আসন দখল গেৰুৱা দলটোৰ। ভোটগ্ৰহণৰ পূৰ্বে চূৰাট সমষ্টি বিজেপিৰ দখলত। চূৰাটৰ বিজেপি প্ৰাৰ্থী মুকেশ দালাল বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। সমষ্টিটোত মনোনয়ন বাতিল হৈছে কংগ্ৰেছ প্ৰাৰ্থীজনৰ। সোমবাৰে মনোনয়ন প্ৰত্যাহাৰ কৰে সমষ্টিটোৰ BSPৰ প্ৰাৰ্থীজনে। সমষ্টিটোৰ আন ৮গৰাকী প্ৰাৰ্থীও প্ৰত্যাহাৰ কৰিছে মনোনয়ন। সমষ্টিটোত বৈধ হিচাপে ঘোষণা হৈছে একমাত্ৰ বিজেপি প্ৰাৰ্থীজনৰ মনোনয়ন। ফলত বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থীজন জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে। অৱশ্যে বৰ্তমানো বিজেপি প্ৰাৰ্থীজন জয় হোৱা বুলি আনুষ্ঠিকভাৱে ঘোষণা কৰিবলৈ বাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...