দেশত প্ৰথমখন আসন নিশ্চিত হ’ল শাসকীয় বিজেপিৰ

দেশত প্ৰথমখন আসন নিশ্চিত হ’ল শাসকীয় বিজেপিৰ। ফলাফল ঘোষণাৰ পূৰ্বে এখন আসন দখল গেৰুৱা দলটোৰ। ভোটগ্ৰহণৰ পূৰ্বে চূৰাট সমষ্টি বিজেপিৰ দখলত। চূৰাটৰ বিজেপি প্ৰাৰ্থী মুকেশ দালাল বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত। সমষ্টিটোত মনোনয়ন বাতিল হৈছে কংগ্ৰেছ প্ৰাৰ্থীজনৰ। সোমবাৰে মনোনয়ন প্ৰত্যাহাৰ কৰে সমষ্টিটোৰ BSPৰ প্ৰাৰ্থীজনে। সমষ্টিটোৰ আন ৮গৰাকী প্ৰাৰ্থীও প্ৰত্যাহাৰ কৰিছে মনোনয়ন। সমষ্টিটোত বৈধ হিচাপে ঘোষণা হৈছে একমাত্ৰ বিজেপি প্ৰাৰ্থীজনৰ মনোনয়ন। ফলত বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থীজন জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে। অৱশ্যে বৰ্তমানো বিজেপি প্ৰাৰ্থীজন জয় হোৱা বুলি আনুষ্ঠিকভাৱে ঘোষণা কৰিবলৈ বাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...

২৭ জুনৰ নিশাৰ পৰা বন্ধ থাকিব আঠগাঁৱৰ উৰণসেতু; মেৰামতিৰ বাবে যান-বাহনৰ চলাচল বন্ধ

গুৱাহাটীৰ আঠগাঁও উৰণসেতু মেৰামতিৰ বাবে ২৭ জুনৰ নিশাৰ পৰা...

APL নিলামত ৩০০ খেলুৱৈ, ১৫ Icon ষ্টাৰ! যুৱ খেলুৱৈৰ বাবে সোণালী সুযোগ

✍️ মানস গোস্বামী অসমৰ ক্ৰিকেট ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা...