জোনমণিৰ মাকে বাৰে বাৰে কৈছিল- মোবাইল ফোনটো ক’লৈ গ’ল?

অসম আৰক্ষীৰ SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ পূৰ্বে আৰক্ষী, CID আৰু পিছত CBIয়ে তদন্তৰ নামত কৰি থকা ভেকোভাওনাখন অৱশেষত পোহৰলৈ আহিছে। বুধবাৰে ঘটনাৰ ৪ মাহ পিছত জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনতে উদ্ধাৰ হয় দুটা মোবাইল ফোন। বৃহস্পতিবাৰে নগাঁও আৱৰ্ত ভৱনত থকা CBIৰ অস্থায়ী কাৰ্যালয়ত মাৰাথান জেৰাৰ সন্মুখীন হয় লখিমপুৰৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ। ৰাইজৰ প্ৰশ্ন এটাই- নিহত জোনমণিৰ দু্ৰ্ঘটনাগ্ৰস্ত বাহনখন ইতিমধ্যে কেইবাবাৰো তালাচী কৰাৰ ৪ মাহ পিছত বাহনখনত কেনেকৈ ওলাল মোবাইল ফোন? কেনেকৈ ওলাল তেজলগা ৰুমাল?

চলিত ২০২৩ বৰ্ষৰ ১৬ মে’। পুৱতি নিশা জখলাবন্ধাত এক ৰহস্যজনক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁও মৰিকলং থানাৰ IC জোনমণি ৰাভাই। এই ঘটনাক লৈ ৰাজ্যজুৰি একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছিল। জোনমণিক পৰিকল্পিত হত্যাৰ অভিযোগ উঠিছিল। লেডী সিংঘম হিচাপে জনাজাত SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৱে পোহৰলৈ আনিছিল লখিমপুৰৰ নকল সোণ আৰু জাল নোটৰ বেহাৰ সৈতে অসম আৰক্ষীৰ গোপন মিতিৰালি। এই ঘটনা তদন্ত প্ৰথমে জখলাবন্ধা আৰক্ষীয়ে কৰিছিল। তাৰ পিছত সৃষ্টি হোৱা জনমতৰ হেঁচাত ঘটনাৰ তদন্তৰ দায়িত্ব CIDক অৰ্পন কৰা হৈছিল। কিন্তু জোনমণিৰ মৃত্যুত অসম আৰক্ষীৰ লোক জড়িতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত পৰিয়ালৰ হেঁচাত তদন্তৰ দায়িত্ব CBIক অৰ্পন কৰিছিল ৰাজ্য চৰকাৰে।

CBIয়ে দায়িত্ব লোৱাৰ পূৰ্বে আৰক্ষী, CID-এ তন্নতন্নকৈ কৰিছিল তদন্ত
পিছত CBIৰ নেতৃত্বত আৰু অধিক জোৰদাৰ হৈছিল তদন্ত
কিন্তু নহয়, এয়া কেৱল সাধাৰণ ৰাইজৰ ধাৰণাহে আছিল
সেয়ে ৪ মাহ পিছতহে দুৰ্ঘটনাগ্ৰস্ত গাড়ীত ওলাল ২ টা মোবাইল ফোন
জোনমণিৰ মাকে বাৰে বাৰে কৈছিল- মোবাইল ফোনটো ক’লৈ গ’ল?

ঘটনাৰ ৪ মাহ পিছত জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনত উদ্ধাৰ হোৱা মোবাইল দুটা কাৰ? সেই সন্দৰ্ভত এতিয়াও নিশ্চিত নহয় CBIৰ দল। মোবাইল দুটা জখলাবন্ধা আৰক্ষীক গতাই দিছে CBI-এ। পুংখানুপুংখ পৰীক্ষাৰ বাবে ফৰেনছিক বিজ্ঞান গৱেষনাগাৰলৈ প্ৰেৰণ কৰা হ’ব মোবাইল ফোন দুটা। এই মোবাইল ফোন দুটাৰ পৰাই জোনমণিৰ মৃত্যু ৰহস্যৰ সৈতে জড়িত বহু প্ৰশ্নৰ উত্তৰ বিচাৰি পাম বুলি আশা কৰিছে CBIৰ দলে। CBIৰ বুধবাৰৰ তালাচীত দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা উদ্ধাৰ হৈছে এখন তেজলগা ৰুমালো। ৰুমালখনো ফৰেনছিকলৈ প্ৰেৰণৰ যো-জা চলোৱা হৈছে।

তাৰ মাজতে বৃহস্পতিবাৰে নগাঁৱত CBIৰ জেৰাৰ সন্মুখীন হ’ল লখিমপুৰৰ তদানীন্তন SP বেদান্ত মাধৱ ৰাজখোৱা আৰু ADL. SP ৰুণা নেওগ। বেদান্ত ৰাজখোৱা আৰু ৰুণা নেওগক কেইবাঘন্টা ধৰি জেৰা CBIৰ। দুয়োকে একেলগে আৰু পৃথকে পৃথকেও সোধা-পোচা।

বেদান্ত মাধৱ ৰাজখোৱা আৰু ৰুণা নেওগৰ জেৰাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে জখলাবন্ধাত উপস্থিত হ’ল CBIৰ আন এটা ৫ জনীয়া তদন্তকাৰী দল। জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত এছ-প্ৰেছ’ বাহনখন পুনৰ তন্নতন্নকৈ পৰীক্ষা CBIৰ দলটোৰ। গাড়ীখনৰ ECMসহ কেইবাটাও যন্ত্ৰাংশ খুলি নিলে CBI য়ে। এই যন্ত্ৰাংশ সমূহৰো ফৰেনছিক পৰীক্ষা কৰা হ’ব। সেই পৰীক্ষাই CBIক সন্ধান দিব দু্ৰ্ঘটনাৰ সময়ত জোনমণিৰ গাড়ীখনৰ গতিবেগ কিমান আছিল।

SI জোনমণি ৰাভাৰ তদন্তৰ নামত চলি থকা ভেকোভাওনাৰ মাজতে অনুসন্ধানৰ এনে অগ্ৰগতিয়ে পুনৰ আশা দিছে জোনমণিৰ দুৰ্ভগীয়া পৰিয়ালটোক। ন্যায় পাব জোনমণি ৰাভাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰথমবাৰলৈ এই স্থানত হ’ব বাজেট অধিৱেশন

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধান সভাৰ বাজেট অধিৱেশন। বাজেট...

আৰম্ভ হৈছে মহাকুম্ভ মেলাৰ মহা-আয়োজন

১২ বছৰৰ পাছত অনুষ্ঠিত হ’ব মহাকুম্ভ ২০২৫। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ...

আম্বানিৰ পেট্র’ ৰাসায়ন ব্যৱসায়ৰ পৃথিৱীত প্ৰৱেশ আদানিৰ

আম্বানিৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ কোম্পানীৰ দৰেই এক বৃহৎ কোম্পানী গঠন...

পুনৰ বিশ্বৰ বুকুত উজলি উঠিল অসম

পুনৰ বিশ্বৰ বুকুত উজলি উঠিল অসম। ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ...