এছিয়াডৰ আয়োজক চীনক প্ৰতাৰক আখ্যা ভাৰতৰ

এছিয়াডৰ আয়োজক চীনক প্ৰতাৰক আখ্যা ভাৰতৰ
আনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰিলে ভাৰতে
হাংঝৌত এথলেটিক্ছৰ বিভিন্ন ইভেণ্টত ভাৰতীয় খেলুৱৈক অপদস্থ কৰাৰ চেষ্টা


এছিয়ান গেম্ছৰ এথলেটিক্ছৰ বিভিন্ন ইভেণ্টত এইবাৰ ভাৰতীয় খেলুৱৈয়ে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে।

ভাৰতীয় এথলীটে হাংঝৌত লাভ কৰিলে ২৯টাকৈ পদক
ইয়াৰে ৬টা স্বৰ্ণ, ১৪টা ৰূপ আৰু ৯টা ব্ৰঞ্জ


কিন্তু ভাৰতীয় খেলুৱৈক এইবাৰ চীনৰ ক্ৰীড়া আয়োজকে অসুবিধাত পেলোৱাৰ অভিযোগ আহিছে। কেইবাগৰাকী ভাৰতীয় খেলুৱৈ চীনৰ ক্ৰীড়া আয়োজকৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ আহিছে। ভাৰতীয় খেলুৱৈৰ মনোবল ভাঙি দিয়াৰ চেষ্টা চীনৰ ক্ৰীড়া সংগঠকৰ।

গেম্ছ আয়োজক ভূমিকা সন্দেহজনক বুলি অভিযোগ অঞ্জু ববী জৰ্জৰ
অঞ্জু ববী জৰ্জ ভাৰতীয় এথলেটিক্ছ ফেডাৰেশ্যনৰ উপ সভাপতি
১০০ মিটাৰ হাৰ্ডল্ছত জ্যোতি য়াৰাজ্জিক অপদস্থ কৰিলে চীনে


অঞ্জু ববী জৰ্জৰ মতে ১০০ মিটাৰ হাৰ্ডল্ছৰ ফাইনেলত নিৰ্দিষ্ট সময়ৰ পূৰ্বেই দৌৰ আৰম্ভ কৰা বুলি জ্যোতিক চীনৰ ক্ৰীড়া সংগঠকে প্ৰতিদ্বন্দ্বিতাৰ পৰা বাহিৰ কৰিছিল। সেই সময়তে ভাৰতৰ তীব্ৰ প্ৰতিবাদত ৰি প্লে’ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হয়। ৰি প্লে’ত স্পষ্টকৈ ধৰা পৰে দ্বিতীয় স্থানত থকা চীনা খেলুৱৈগৰাকীয়েহে সময়ৰ পূৰ্বে দৌৰ আৰম্ভ কৰিছিল। শেষত চীনৰ প্ৰতিযোগীগৰাকীক বাতিল কৰাত জ্যোতিয়ে ৰূপৰ পদক অৰ্জন কৰে।

জেভলিনত নীৰজ চোপ্ৰাৰ প্ৰথম থ্ৰ’ ইচ্ছাকৃতভাৱে বাতিল কৰাৰ অভিযোগ ভাৰতৰ
ফলত নীৰজে ৬বাৰৰ ঠাইত ৭বাৰকৈ জেভলীন দলিয়াবলগীয়া হয়
জেভলিনত ৰূপ জয়ী কিশোৰ জেনাৰো ২য় থ্ৰ’ বাতিল কৰি দিয়ে আয়োজকে
ভাৰতৰ প্ৰতিবাদৰ পিছত সেই থ্ৰ’টোক মান্যতা দিবলগীয়া হয়


এই ঘটনাত বিৰক্ত হৈ পৰিছে অলিম্পিকৰ স্বৰ্ণজয়ী খেলুৱৈ নীৰজ চোপ্ৰা। নীৰজৰ মতে এছিয়াডৰ দৰে এখন খেলত এনে ঘটনা আশ্বৰ্যজনক। চীনৰ ৰেফাৰী আৰু আম্পায়াৰৰ ভূমিকাত ক্ষুব্ধ ভাৰতীয় শিবিৰ। ভাৰতে এনে ভুল সিদ্ধান্তৰ বিৰুদ্ধে আনুষ্ঠানিক আপত্তি দাখিল কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...