শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰৰ!

ঢেকিয়াজুলিৰ চিৰাজুলিত শিক্ষকৰ প্ৰহাৰত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ অভিযোগ। ঢেকিয়াজুলিৰ চিৰাজুলিৰ নিউ হৰাইজন স্কুলত সংঘটিত হৈছে এই ঘটনা। সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ অমন মাহাতুৰ মৃত্যুৰ পাছতে অভিযোগৰ আঙুলি শিক্ষক উত্তম বক্সি মহন্তলৈ। অমন মাহাতু আৰু এজন ছাত্ৰই কাজিয়াত লিপ্ত হোৱাত শ্ৰেণীকোঠাত পাঠদান কৰি থকা শিক্ষক উত্তম বক্সি মহন্তই দুই ছাত্ৰই কাজিয়া কৰাৰ বাবে শনিবাৰেই স্কেলেৰে প্ৰহাৰ কৰিছিল। দুদিন পিছত ছাত্ৰগৰাকী অসুস্থ হোৱাত পৰিয়ালৰ লোকে TMCH ত ভৰ্তি কৰাই অমন মাহাতুক। তাৰপাছত বৃহস্পতিবাৰে বিয়লি চিকিৎসালয়তে মৃত্যু হয় ছাত্ৰগৰাকীৰ। উক্ত ঘটনাক কেন্দ্ৰকৰি অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু শিক্ষক উত্তম বক্সি মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মৃত ছাত্ৰজনৰ পৰিয়ালে।

ইফালে অধ্যক্ষৰ মন্তব্য এনে কোনো অসুস্থ হোৱাৰ লক্ষণ প্ৰত্যক্ষ কৰা নাছিল ছাত্ৰজনৰ শৰীৰত । বিদ্যালয় শেষ হোৱালৈ খেলাধুলা কৰি আছিল ছাত্ৰজনে। অধক্ষ্যৰ মন্তব্য পূৰ্বে কুকুৰেও কামুৰিছিল মৃত্যু হোৱা ছাত্ৰজনক। কুকুৰে কামোৰাৰ পাছতো পৰিয়ালৰ লোকে কৰা নাছিল চিকিৎসাৰ ব্যৱস্থা। অসুস্থ হোৱাৰ পূৰ্বে দেওবাৰে পিকনিকলৈ গৈছিল অমন মাহাতো। পিকনিকতে অসুস্থ হোৱাৰ সন্দেহ বিদ্যালয় কৰ্তৃপক্ষৰ। বুধবাৰে অসু্স্থ হোৱা অমন দুদিন স্কুললৈ নাহোতেও অৱগত কৰা হোৱা নাছিল বিদ্যালয় কৰ্তৃপক্ষক।

সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । আৰক্ষীক উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ অহ্বান AJYCP নেতৃত্বৰ। বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্তৰ দাবী কৰি ঢেকিয়াজুলি ৰাজহচক্ৰ বিষয়াৰ হাতত এখন স্মাৰক পত্ৰ অৰ্পন কৰে। ঘটনাস্থলীত উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়াই তদন্তৰ বাবে প্ৰয়োজনীয় সকলো কৰণীয় কাম কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। বৰ্তমান আৰক্ষীৰ জিম্মাত অভিযুক্ত শিক্ষক উত্তম বক্সি মহন্ত। প’ষ্টমৰ্টেম তথা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ কি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...