জাপানৰ সংসদীয় উপমন্ত্ৰীৰ সৈতে অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলৰ সৈতে অসমৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সংযোগ স্থাপন সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাৰ আলোচনা

জাপানৰ সংসদীয় উপমন্ত্ৰীৰ সৈতে অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

টয়’টা মটৰ কৰ্পৰেশ্যনৰ দক্ষতা কাৰ্যসূচীসমূহ অসমত সম্প্ৰসাৰিত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

জাপানৰ সৰ্ববৃহৎ চিপ নির্মাতা কোম্পানী টকিঅ’ ইলেক্ট্রনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক; সহযোগিতাৰ বাবে আগ্রহ প্রকাশ

তিনিদিনীয়া জাপান ভ্ৰমণৰ অন্তিম দিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি যৌথ ডিগ্রী পাঠ্যক্রম, ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিনিময় কার্যসূচী তথা গৱেষণা আৰু দক্ষতাৰ ক্ষেত্ৰত সহযোগিতাৰ জৰিয়তে অসমৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সম্পর্ক স্থাপন কৰাৰ উদ্দেশ্যে জাপানৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধি বৰ্গৰ সৈতে টকিঅ’ত এক বৈঠকত মিলিত হয়।

বৈঠকত মুখ্যমন্ত্রীয়ে অসম তথা দেশৰ অন্যান্য প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলক অধিক শৈক্ষিক সুযোগ প্রদান কৰাৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে জাপানৰ বিশ্ববিদ্যালয়সমূহত শিক্ষা লাভৰ ক্ষেত্রত সূচল পথ লাভ কৰে সেই বিষয়ে আলোচনা কৰে।

ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰীয়ে আজি জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্রী আকিকো ইকুইনাক সাক্ষাৎ কৰি অসম আৰু জাপান কেন্দ্রিক বিভিন্ন বিষয় আলোচনা কৰে। উল্লেখ্য যে, জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্রী ইকুইনাই অসমৰ সংস্কৃতিৰ প্ৰতি তেওঁৰ থকা সম্মান তথা স্নেহ প্রদর্শন কৰি মুখ্যমন্ত্রী ড° শৰ্মাক অসমীয়া ভাষাতেই অভিবাদন জ্ঞাপন কৰে।

এই সাক্ষাৎকালত দক্ষ কর্মীবাহিনীৰ প্ৰয়োজনীয়তা থকা খণ্ডসমূহত অসম আৰু জাপানৰ সহযোগিতা তথা যুৱ সমাজৰ বাবে বর্তমানে থকা সুযোগ আৰু সুবিধাসমূহৰ বিষয়ে মুখ্যমন্ত্রী ড° শৰ্মাই জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় উপ-মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ITA মাছখোৱাত ফেশ্বন আৰু উৎকৃষ্টতাৰ ভব্য সমাৰোহ এছিয়ানেট এৱাৰ্ডছ ২০২৬

গুৱাহাটীৰ আইটিএ মাছখোৱা (ITA Machkhowa) প্ৰেক্ষাগৃহত জাকজমকতাৰে অনুষ্ঠিত হৈ...

দুৰ্ঘটনাত নিহত সতীৰ্থ ডিঅ’গো জোটাক সুঁৱৰি চকুলো টুকিলে ৰোনাল্ডোৱে

ফিফা বিশ্বকাপ ২০২৬ৰ ‘ৰাউণ্ড অব ৩২’ৰ এখন ৰোমাঞ্চকৰ মেচত...

ভাৰত-জাপানৰ ১৬সংখ্যক বাৰ্ষিক সন্মিলনৰ সফল সামৰণি: অৰ্থনৈতিক নিৰাপত্তা, AI আৰু প্ৰতিৰক্ষাসহ ১৬টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ১৬...