যোৰহাটত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

৫০ লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু শংকৰ সংঘ। যোৰহাট ম’হবন্ধাৰ এৰালতলী পথাৰত যুদ্ধকালীন তত্পৰতা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱতাবাদী, আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ-পূবৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। এইবাৰ শিক্ষানগৰী যোৰহাটত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ৬-৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হব চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। সেয়ে যোৰহাট ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশ। হৰি নামৰ ধ্বনিৰে বিধৌত শংকৰদেৱ সংঘৰ অধিৱেশন প্ৰাংগন।

উল্লেখ্য যে, যোৰহাট ম’হবন্ধাৰ এই এৰালতলী পথাৰৰ। ১২০০ বিঘা সামৰি অনুষ্ঠিত হ’ব শংকৰদেৱ সংঘৰ অধিৱেশন। ৩ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে আয়োজিত (এই) অধিৱেশন। ইতিমধ্যে অধিৱেশনস্থলীত অস্থায়ী নামঘৰ। নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰা হৈছে গুৰুৰ আসন। ভকত বৈষ্ণৱ থকাৰ সুবিধাৰ্থে অধিৱেশনস্থলীত সাজু কৰি তোলা হৈছে ২০০ৰো অধিক শিবিৰ। ২০০ টাকৈ চৌকাত ৫০০ ৰান্ধনীয়ে ৰান্ধিব ব্যঞ্জন। সেয়ে সাজু কৰি তোলা হৈছে চৌকাসমূহ। অধিৱেশনভাগী সাফল্যমণ্ডিত কৰিবলৈ হাত উজান দিছে সকলো ভকত বৈষ্ণৱে। ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ আহি একত্ৰিত হ’ব এই এৰালতলী পথাৰত। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মিলনস্থলী হৈ পৰিব অধিৱেশনৰ বাকৰি।

এতিয়া ভক্তিৰসত গদগদ যোৰহাট ম’হবন্ধাৰ এৰালতলী পথাৰ। এৰালতলী পথাৰৰ পৰাই গুৰুজনাৰ অমিয়া বানী বিশ্বৰ বুকুলৈ লৈ যোৱাৰ প্ৰয়াস চলাব সকলো ভকত বৈষ্ণৱে। সেয়ে এৰালতলী পথাৰত এতিয়া যুদ্ধকালীন প্ৰস্তুতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...