মেৰাপানীত পিষ্টলসহ নগা যুৱকক আটক, উদ্ধাৰ সজীৱ গুলী

মেৰাপানীত পিষ্টলসহ নগা যুৱকক আটক, উদ্ধাৰ সজীৱ গুলী। গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত মেৰাপানীত আৰক্ষীয়ে চলাইছে অভিযান। এই অভিযানতে পিষ্টলসহ এজন নগা যুৱকক আটক আৰক্ষীৰ। মেৰাপানীৰ ইন্দ্ৰপুৰত আৰক্ষীয়ে চলাইছিল অভিযান। AS01 EB 4149 নম্বৰৰ এখন অ’ল্ট বাহনৰ পৰা উদ্ধাৰ পিষ্টল। মেৰাপানীৰ দিশৰ পৰা নগালেণ্ডলৈ গৈ আছিল বাহনখন। সন্দেহবশত তালাচী কৰাত তেওঁৰ হাতৰ পৰা উদ্ধাৰ হয় অস্ত্ৰ। উদ্ধাৰ ইটালীত নিৰ্মিত এটা পইন্ট ২২ পিষ্টলৰ লগতে ৯ টাকৈ সজীৱ গুলী। আটকাধীন নগা যুৱকজনৰ নাম টুমচেবেম’ জামি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে নগা যুৱকজনক জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৱেষক-শিক্ষাবিদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...