কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। একেটা পুখুৰীতে উদ্ধাৰ মহিলাগৰাকীৰ ৭ বছৰীয়া পুত্ৰ সন্তানো। কিহৰ বাবে সংঘটিত হ’ল এই ঘটনা? এইয়া হত্যা নে আত্মহত্যা? কি সন্ধান লাভ কৰিছে আৰক্ষীয়ে?

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা
পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ
কলিয়াবৰৰ ১নং বৰঘূলীত সংঘটিত এই ঘটনা
দীৰ্ঘসময়ৰ অন্তত SDRF বাহিনীৰ উদ্ধাৰ কণমানি পুত্ৰক
পৰিকল্পিত হত্যাৰ দাবী নিহত মহিলাগৰাকীৰ পিতৃৰ
মৃত মহিলাগৰাকী ৰফিকুলৰ তৃতীয় পত্নী
পূৰ্বে দুগৰাকীকৈ পত্নীৰে ৰফিকুলৰ হৈছিল বিবাহ বিচ্ছেদ
কিহৰ বাবে সংঘটিত হ’ল এই ঘটনা?
এইয়া হত্যা নে আত্মহত্যা?

কলিয়াবৰত চাঞ্চল্য
পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ
কলিয়াবৰৰ ১নং বৰঘূলীত সংঘটিত হৈছে এই ঘটনা

ঘৰৰ সমীপৰে পুখুৰীত উদ্ধাৰ ৰাছিদা বেগম নামৰ বিবাহিত মহিলা গৰাকীৰ মৃতদেহ। নিশা ২ মান বজাত পুখুৰীত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ মৃতদেহ। পুৱা ৫ মান বজাত পুখুৰীটোৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ। ইপিনে দীৰ্ঘ সময় ধৰি সন্ধান নাছিল ৰাছিদা বেগমৰ ৭ বছৰীয়া পুত্ৰৰ। নিৰুদিষ্ট পুত্ৰক বিচাৰি পুখুৰীত SDRF বাহিনীয়ে চলাইছিল অভিযান। অৱশেষত শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত SDRF বাহিনীয়ে উদ্ধাৰ কৰে কণমানি পুত্ৰক। স্থানীয় তথা পৰিয়ালৰ লোকৰ অভিযোগ পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হৈছে এই ঘটনা। কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে মহিলাগৰাকীৰ স্বামী ৰফিকুল ইছলাম। দীৰ্ঘদিনে মাতৃ গৃহত থকা ৰাছিদা বেগমক স্বামীৰ পৰিয়ালে কিছুদিন পূৰ্বে লৈ আহিছিল স্বামী গৃহলৈ। আৰু তাৰপাছতেই সংঘটিত হয় এই ঘটনা।

ইপিনে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে নিহত মহিলাগৰাকীৰ পিতৃয়ে। স্বামী পৰিয়ালৰ ওপৰত উত্থাপন কৰিছে এই অভিযোগ।

উল্লেখ্য যে, মৃত মহিলাগৰাকী হৈছে ৰফিকুলৰ তৃতীয় পত্নী। পূৰ্বে দুগৰাকীকৈ পত্নীৰে ৰফিকুলৰ হৈছিল বিবাহ বিচ্ছেদ। এনে ধৰণৰ বিভিন্ন তথ্যই এতিয়া অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনা। কিহৰ বাবে সংঘটিত হ’ল এই ঘটনা? এইয়া হত্যা নে আত্মহত্যা? চুলুঙ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অনুসন্ধান। সকলোৰে আশা সঠিক তদন্তত পোহৰলৈ আহক সকলো তথ্য। যদি এইয়া হত্যাকাণ্ড তেন্তে কঠাৰ শাস্তি লাভ কৰক দোষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...