ব’লবমৰ নামত একাংশই কি কৰিলে?

শাওন মাহত মহাদেৱক আৰাধনাৰ নামত চূড়ান্ত উদ্ভণ্ডালি কৰিলে একাংশই। ব’লবমৰ নামত একাংশই চলালে ড্ৰাগ্ছ, গাঞ্জাৰ ৰমৰমীয়া বেহা। মহানগৰীৰ বশিষ্ঠ মন্দিৰত ব’লবমৰ সময়ত জব্দ হৈছিল দ’মে দ’মে গাঞ্জা, ড্ৰাগ্ছ। বটলে বটলে ধৰা পৰিছিল সুৰা। দেওবাৰে জব্দকৃত সামগ্ৰী জ্বলাই দিয়া হ’ল বশিষ্ঠ মন্দিৰ চৌহদত।

ব’লবমৰ নামত একাংশই কি কৰিলে?
ব’লবমত তৰোৱালৰ প্ৰয়োজন কি?
অস্ত্ৰৰ প্ৰয়োজন ক’ত?

শাওন মাহত মহাদেৱক আৰাধনাৰ উদ্দেশ্যে ব’লবমত অংশ ললে ৰাজ্যৰ লাখলাখ ভক্তই। মহানগৰীৰ বশিষ্ঠ মন্দিৰতো ভৰি দিবলৈ ঠাই নোহোৱা হৈছিল। তাৰ মাজতেই ভিন্ন প্ৰান্তত দেখা গৈছিল একাংশৰ উদ্ভণ্ডালি। ভক্তিৰ নামত একাংশই সৃষ্টি কৰিছিল অভাৱনীয় পৰিস্থিতি…

ৰাজপথত উচ্চ স্বৰত ডি জে মিউজিক
উদ্যাম নৃত্যত মতলীয়া হৈছিল একাংশ
বশিষ্ঠ মন্দিৰ চৌহদত জব্দ হৈছিল ড্ৰাগ্ছ
কেৱল এজন দুজন ভক্তৰূপী ভণ্ডৰ পৰা নহয়।

দেওবাৰে বশিষ্ঠ মন্দিৰ চৌহদতেই এই নিচাযুক্ত সামগ্ৰীসমূহ জ্বলাই দিয়ে ব’লবম পৰিচালনা সমিতিয়ে।

ব’লবমৰ সেই সময়ছোৱাত জব্দ হৈছিল বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও। মন্দিৰ আৰু ব’লবম পৰিচালনা সমিতিৰ অভিযোগ প্ৰশাসন ব্যৰ্থ হৈছিল।

আগন্তুক সময়ত যাতে কোনো লোকে বশিষ্ঠ মন্দিৰত ব’লবমত অংশ লবলৈ আহোঁতে নিচাজাতীয় সামগ্ৰী নাইবা অস্ত্ৰ-শস্ত্ৰ লগত লৈ নাহে। ভক্তিৰ নামত যাতে উদ্ভণ্ডালি কোনেও নকৰে। পৰিচালনা সমিতিয়ে ক’লে এয়া অশনি সংকেত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

RSSৰ বিৰুদ্ধে আমেৰিকান সংস্থাৰ নিষেধাজ্ঞাৰ আহ্বান, তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

RSSৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ USCIRFৰ আহ্বান নাকচ ভাৰতৰ| ৰাষ্ট্ৰীয় স্বয়ংসেৱক...

শ্বিলঙৰ পেট্ৰ’ল পাম্পত হাহাকাৰ, অসমে ইন্ধনৰ যোগান বন্ধ কৰাৰ ভাবুকি

অসম আৰু মেঘালয়ৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে শুকুৰবাৰে...

BWF World Championships 2026-ত ইতিহাস ৰচনা ত্ৰেছা-গায়ত্ৰীৰ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰিনাত ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টনৰ...

ডায়মণ্ড লীগত ৰূপৰ পদক নীৰজ চোপ্ৰাৰ, ৯ ছেন্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ

ল’জান ডায়মণ্ড লীগত ৮৮.০৫ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰি...