শোকাৱহ! গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি ছাই হ’ল যুৱক

ৰাজপথসমূহত যেন কালিকাহে লাগিছে। দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ ভয়ংকৰ দুৰ্ঘটনা। প্ৰাণ হেৰুৱাইছে বহুজনে, চিৰদিনৰ বাবে ঘূণীয়া হৈছে বহুজন। তাৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনাই কঁপাই হৈছে দেশ। যি দুৰ্ঘটনাত গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি ছাই হ’ল এজন যুৱক।

অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ সমীপৰ মেকাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ফৰ্চুনাৰ গাড়ী আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱাই এজন যুৱকে। মৃত যুৱকজন দিবাং উপত্যকাৰ ডাম্বুকৰ জীৱন লাকৰা। দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। গাড়ীখনৰ পৰা ওলাবলৈ আপ্ৰাণ চেষ্টা কৰিও বিফল হয় যুৱকজন। যাৰ ফলত গাড়ীৰ ভিতৰতে জীৱন্তে জ্বলি ছাই হৈ যায় যুৱকজন। ডাম্বুক বিধানসভা সমষ্টিৰ বিধায়ক পুইনিয়োৰ আপোমৰ ঘনিষ্ঠ সহায়ক আছিল মৃত জীৱন লাকৰা।

NKTV Digital
Author: NKTV Digital

7 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...