বাৰিষাৰ পূৰ্বেই কালৰূপ ধাৰণ নৈ-উপনৈৰ

আগ বাৰিষাৰ ভৰ বান অব্যাহত
তাণ্ডৱ অপৰিৱৰ্তিত ভৰা নৈৰ
ৰাইজে ভুগিছে যমৰ যাতনা
অহৰ্নিশে খাদ্য সংকট, নাটনি খোৱা পানীৰো ব্যৱস্থা

ফেনে ফুটুকাৰে নৈখন দেখিলে এনে লাগে যেন এয়া ভৰ বাৰিষা। কিন্তু বাৰিষাৰ পূৰ্বেই নৈ উপনৈৰ এই কালৰূপে কঢ়িয়াই আনিছে অশনি সংকেত। দুৰ্ভোগ ভুগিছে ৰাইজে।

বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি। কিছু অঞ্চলত পানী কমিছে যদিও ন ন অঞ্চল বৰ্তমানেও প্লাৱিত। বৰ্তমানেও বানৰ কৱলত কামপুৰ ৰাজহ চক্ৰৰ কেইবা সহস্ৰাধিক লোক। ওখ ঠাইলৈ ঢাপলি বন্যাৰ্তৰ। পটিয়াপাম, তেতেলীসৰা গ্ৰাণ্ট, কেকুৰীবাৰীকে ধৰি যথেষ্ট সংখ্যক গাওঁ বৰ্তমান বানৰ কৱলত। নামঘৰৰ মণিকূট পৰ্যন্ত উঠিছে পানী। পশুধনৰ বাবে খাদ্য কঢ়িয়াই এবুকু পানীত সংগ্ৰাম কৰিছে বান পীড়িতই।

কঠিয়াতলীতো একেই অৱস্থা। অঞ্চলটোৰ প্ৰায়বোৰ ঠাই পানীত বুৰ যোৱাত বিদ্যালয়তে আশ্ৰয় লব লগা হৈছে প্ৰায় ২০০লোকে। বৰ্তমানলৈকে প্ৰায় ১৫০০ লোকে আশ্ৰয় গ্ৰহণ কৰিছে শিবিৰসমূত। আনহাতে বৰ্তমান কামপুৰ-কঠিয়াতলী সংযোগী মূল পথটো মুকলি হ’ল যদিও ঠাইয়ে ঠাইয়ে যথেষ্ট পৰিমাণে বানে ক্ষতি সাধন কৰিলে মূল পথটো।

পলশা আৰু বৰকলা সংযোগী পথতে অব্যাহত আছে নিশাৰী নৈ তাণ্ডৱ। নিশাৰী নৈয়ে ছিঙি নিলে এই পথচোৱা।

ৰহাতো বানৰ সংহাৰী ৰূপ। অব্যাহত আছে কলং আৰু কপিলী নদীৰ বানৰ বিভীষিকা। ৰহাত ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে কলং আৰু কপিলীৰ জলপৃষ্ঠ। ৰহাৰ চাপৰমুখ মাৰোৱাৰী পট্টিত কপিলী নদীৰ বাঢ়নি পানী মথাউৰিৰ ওপৰেৰে বৈ আহি চাপৰমুখৰ বহু অঞ্চল প্লাৱিত কৰিছে। ৰহা-চাপৰমুখ সংযোগী পথৰ ওপৰৰে হুৰাহুৰে বাগৰিছে কপিলী নদীৰ পানী। পানীৰ তলত চাপৰমুখৰ ভূতনাথ মন্দিৰ। একেদৰে ৰে’ল বিভাগৰ নৱনিৰ্মিত কোৱাটাৰসমূহো জলমগ্ন। এনেদৰে কলং কপিলী বাঢ়ি থাকিলে ৰাইজ অধিক বিপদত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

কাছাৰতো অপৰিৱৰ্তিত বান পৰিস্থিতি। বানত ডুবা গৰুক বচাবলৈ গৈ মৃত্যুক সাবটিলে নাজিৰ হুছেইন নামৰ এজনে। স্থানীয় লোকে যুৱকজনক উদ্ধাৰৰ চেষ্টা কৰি বিফল। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীও।

সহজেই অনুমেয় কি যাতনা ভুগিছে বানাক্ৰান্তসকলে। হাইলাকান্দিৰ জিলাৰ বড়হাইলাকান্দি তৃতীয় খণ্ডতো বানৰ তাণ্ডৱ।
কাটাখাল নৈৰ বাঢ়নী পানীত এইখন গাঁৱৰ প্ৰায় ৩০ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ৰূপে বানত বুৰ গৈছিল।

বান পৰিস্থিতিৰ মাজতে কামপুৰত ৰাইজৰ ক্ষোভ। বঢ়মপুৰ আৰু ৰহাৰ বিধায়কৰ বিৰুদ্ধে সোচ্চাৰ হৈছে সংগঠন। বৰপানী আৰু কপিলী নৈৰ পানী কমিছে যদিও অব্যাহত আছে নিশাৰী নৈৰ তাণ্ডৱ। বানৰ প্ৰকোপত এই ৰিলিফ কেম্পসমূহত আশ্ৰয় গ্ৰহণ কৰিছে বানপীড়িতই। এমুঠি আহাৰ আৰু এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বৰ্ন্যাতই৷ কিন্তু দুই বিধায়কৰ কাণসাৰ নথকাৰ অভিযোগ।

বানৰ অপৰিৱৰ্তিত পৰিস্থিতিয়ে অব্যাহত ৰাখিছে তাণ্ডৱ। পানী কমিলেও কমা নাই বানপীড়িতৰ যাতনা। প্ৰশাসন, চৰকাৰে কিদৰে ক্ষিপ্ৰ কৰে সমাধান। সেয়া হ’ব লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...