পুনৰ জে’ললৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দেওবাৰে তিহাৰ জে’লত আত্মসমৰ্পন কেজৰিৱালৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে অস্থায়ী জামিন লাভ কৰিছিল কেজৰিৱালে। জে’ল যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱাল ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে। কনট প্লেছত অৱস্থিত হনুমান মন্দিৰলৈ গৈ আশীষ গ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পিছত দলীয় কাৰ্যালয়লৈ গৈ দলৰ নেতা-কৰ্মীক লগ কৰি পোনে পোনে তিহাৰ জে’ললৈ যাত্ৰা কৰে কেজৰিৱালে। জে’ল যাত্ৰাৰ পূৰ্বে পুৱা এক্স হেণ্ডেলত অৰবিন্দ কেজৰিৱালৰ পোষ্ট– ‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২১ দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে মই জে’লৰ পৰা ওলাই আহিছিলো। উচ্চতম ন্যায়ালয়ৰ ওচৰত মই কৃতজ্ঞ।’ উল্লেখ্য যে ২১ মাৰ্চত সুৰা নীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। ১০ মে’ত উচ্চতম ন্যায়ালয়ে ২ জুন পৰ্যন্ত অন্তৱৰ্তী জামিন দিছিল কেজৰিৱালক। স্বাস্থ্য পৰীক্ষাৰ বাবে অতিৰিক্ত ৭ দিনৰ জামিন বিচাৰি আবেদন কৰিছিল কেজৰিৱালে। কিন্তু আদালতে কেজৰিৱালৰ জামিন আবেদন নাকচ কৰে। ১০ মে’ পৰ্যন্ত ৩৯ দিন তিহাৰ জে’লত পাৰ কৰাৰ পাছত দেওবাৰে পুনৰ তিহাৰ জে’লৰ বন্ধ কোঠালিলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...