নিশা জালুকবাৰী উৰণ সেতুত চাঞ্চল্যকৰ ঘটনা

মঙলবাৰে নিশা জালুকবাৰী উৰণ সেতুত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। সন্ধিয়া নলবাৰীলৈ যোৱা বাহনৰ বাবে ৰৈ থকা যুৱকএজনক তুলি লয় এখন ছুইফট ডিজায়াৰ বাহনে। তাৰ পিছতে বাহনখনত থকা ৩ যুৱকে যুৱকজনক মাৰপিট কৰি, চুৰি দেখুৱাই নগদ ধন, মোবাইল ফোন আৰু ATM কাৰ্ড কাঢ়ি নিয়াৰ উপৰি গুগল পে’ৰ পৰাও ধন ট্ৰান্সফাৰ কৰি লৈ যায়। তাৰ পিছতে চকুত কলা কাপোৰ বান্ধি যুৱকজনক আমিনগাঁওস্থিত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত পেলাই থৈ যায় গাড়ীখনে। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত মঙলবাৰেই এখন এজাহাৰ দাখিল কৰা হৈছে যদিও, এইপৰ্যন্ত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

গুৱাহাটীত আৰক্ষীৰ আয়ুক্তকৰণৰ ৯ বছৰ পাৰ হ’ল। ৪ খনকৈ আৰক্ষী জিলাত বিভক্ত হ’ল গুৱাহাটী মহানগৰী। পূৰ্বতকৈ ক্ষমতাও বেছি মহানগৰ আৰক্ষীৰ। আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীত কিন্তু অপৰাধ নকমিল। আয়ুক্তকৰণ ব্যৱস্থাৰে পূৰ্বতকৈ তিনিগুণমান অধিক স্মাৰ্ট আৰক্ষীৰ চকুত অনায়াসে ধূলি দি অপৰাধী চক্ৰই যেতিয়াই তেতিয়াই, য’তে ত’তে সংঘটিত কৰি গৈছে ভয়ংকৰ অপৰাধ। হত্যা-ধৰ্ষণৰ দৰে অপৰাধৰ কথা বাদেই দিলোঁ, চুৰি-ডকাইতি-লুটপাত হ্ৰাস পোৱা নাই, ড্ৰাগছৰ সৰবৰাহ চলি আছে। দেখাত খুব স্মাৰ্ট গুৱাহাটী পুলিচ কমিছ’নাৰেট, দক্ষতাক লৈও প্ৰশ্ন নাই। প্ৰশ্ন আছে যদি নিষ্ঠা আৰু আন্তৰিকতাক লৈ।

মঙলবাৰে নিশা জালুকবাৰী উৰণ সেতুত এক ভয়ংকৰ ঘটনা সংঘটিত হৈ গ’ল। অসম নহয় যেন বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে মাফিয়া-ডকাইতৰ ৰাজ্য। ৰৈ থকা যুৱকক গাড়ীত উঠাই লুটপাত। ভুক্তভোগী যুৱকজন গকুল বেজবৰুৱা। গুৱাহাটী জনতা ভৱনৰ ছ’চিয়েল জাষ্টিছ বিভাগৰ কৰ্মচাৰী গকুল বেজবৰুৱা। মঙলবাৰে সন্ধিয়া কৰ্ম সম্পাদন কৰি নলবাৰীলৈ যোৱা বাহনৰ বাবে ৰৈ আছিল যুৱকজন। নলবাৰী আঁৰিকুছিৰ যুগুৰবড়ীত ঘৰ ভুক্তভোগী গকুল বেজবৰুৱাৰ। নলবাৰীলৈ বুলি গাড়ীৰ বাবে ৰৈ থকা গকুলৰ সন্মুখত এখন ছুইফট ডিজায়াৰ ৰ’ল। নলবাৰীলৈ নিম বুলি গাড়ীত তুলি ল’লে যুৱকজনক।

গাড়ীখনত ইতিমধ্যেই সোমাই থকা ৩ যুৱকে মাৰপিট কৰি, অস্ত্ৰ দেখুৱাই গকুলৰ পৰা কাঢ়ি নিলে নগদ ধন, মোবাইল ফোন, এটিএম কাৰ্ড। যুৱকজনৰ পৰা বলপূৰ্বকভাৱে গুগল পে’ৰ জৰিয়েত ধনো ট্ৰান্সফাৰ কৰাই লয় দুৰ্বৃত্তৰ দলটোৱে। তাৰ পিছত চকুত কাপোৰ বান্ধি SP অফিচৰ সন্মুখত পেলাই থৈ যায় যুৱকজনক। সন্ধিয়া এই চাঞ্চল্যকৰ ঘটনাৰ সন্মুখীন হৈ নিশা জালুবাৰী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী গকুল বেজবৰুৱাই। কিন্তু এইপৰ্যন্ত আৰক্ষীয়ে একো কৰিব পৰা নাই। ঘটনাৰ CC কেমেৰাৰ দৃশ্য বিচাৰি হাহাকাৰ আৰক্ষীৰ। আৰক্ষীয়ে কৈছে অনুসন্ধান চলি আছে। চৰম আতংকত ভুক্তভোগী যুৱক। গুৱাহাটীৰ নিচিনা মহানগৰীত এনেকৈও অপৰাধী ঘুৰি ফুৰেনে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...