৬ এপ্ৰিলত RCBৰ বিৰুদ্ধে RRৰ ‘পিংক প্ৰ’মিছ’ মেচ

ৰাজস্থান ৰয়েলছে চলিত আই পি এলত জয়ৰ হেট্ৰিক অৰ্জন কৰি যোৱানিশা গৃহ চহৰ জয়পুৰত উপস্থিত হৈছে৷ উল্লেখ্য যে ছিজনৰ প্ৰথম তিনিখন মেচত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে অসম সন্তান ৰিয়ান পৰাগে প্ৰতিনিধিত্ব কৰা আই পি এলৰ উদ্ধোধনী বৰ্ষৰ চেম্পিয়ন দলটো৷ অহা ছয় এপ্ৰিলত আৰ চি বিৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছে বহু প্ৰত্যাশিত ‘পিংক প্ৰ’মিছ’ মেচখন খেলিব৷ ইতিমধ্যে এই মেচৰ টিকট অনলাইনত মুকলি কৰা হৈছে আৰু অনুৰাগীৰ আশাপ্ৰদ সহাৰিও পোৱা গৈছে৷

স্মৰ্তব্য যে অপৰাজেয় ৰাজস্থান ৰয়েলছে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ আত্মবিশ্বাসৰে গৃহভূমিলৈ আহিছে৷ মেচখনত ৩৯ বলত অপৰাজিত ৫৪ ৰাণ কৰি ৰাজস্থান ৰয়েলছৰ ক্ৰমাগত তৃতীয় বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয় অসম সন্তান ৰিয়ান পৰাগে৷ তদুপৰি এই মেচতে লীগত এতিয়ালৈকে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বেটাৰ হিচাপে কমলা টুপীও হস্তগত কৰে ৰিয়ানে৷ ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে ইয়াৰপূৰ্বে জয়পুৰত খেলা মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত আই পি এলত ছিজনৰ দ্বিতীয়খন মেচত বিজয় কৰোৱাত নায়কৰ ভূমিকা লৈছিল৷ আনহাতে, সুদক্ষ অল ৰাউণ্ডাৰগৰাকীয়ে সবাই মনাসিং ষ্টেডিয়ানত ছিজনৰ প্ৰথমখন মেচতো লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে অভিযান আৰম্ভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ এতিয়া ৰিয়ান তথা দল সাজু হৈছে বিশেষ মেচখনলৈ৷

উল্লেখ্য যে ‘পিংক প্ৰ’মিছ’ মেচৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ৷ এই মেচখনত ৰয়েলছে বিশেষ অল-পিংক মেচডে কিট পিন্ধিব৷ দলটোৰ লক্ষ্য হ’ল ৰাজস্থানৰ গ্ৰাম্য অঞ্চলৰ সেই সকল মহিলাক সমৰ্থন কৰা যিয়ে প্ৰেৰণা হৈ সমাজত পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমি লৈছে লগতে নিজকে শক্তিশালী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিছে৷ ৰাজস্থান ৰয়েলছে এই মেচৰ বাবে ক্ৰয় কৰা প্ৰতিটো টিকটত ৰাজস্থানৰ মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ বাবে এশ টকাকৈ দান কৰিব৷ ইয়াৰ পূৰ্বে ৰয়েলছে এয়াও ঘোষণা কৰিছে যে প্ৰতিটো অল পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা সকলো ধন ছ’চিয়েল ইকুইটি আৰ্ম – ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনক দিয়া হ’ব৷

সেয়ে ৰাজস্থান ৰয়েলছে দলটোৰ সকলো অনুৰাগীক ৰাজস্থান তথা সমগ্ৰ ভাৰতত ইতিবাচক গ্ৰাম্য ৰূপান্তৰৰ দিশত অবিৰত যাত্ৰাৰে আগুৱাই যোৱা ক্ষমতাশালী মহিলাসকলক চেলুট আৰু সমৰ্থন কৰাৰ বাবে এই মেচলৈ আমন্ত্ৰণ জনাইছে৷ এই খেলখনত অংশগ্ৰহণ কৰা দৰ্শকে বিশেষ দিনত উপস্থিত থাকি ফাউণ্ডেশ্যনৰ কাম-কাজৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে কৰা বিভিন্ন কাৰ্যসূচীৰ বাস্তৱিক প্ৰতিফলন চোৱাৰো সুযোগ পাব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...