বিশাল ৰেলীৰে ৱাইনাড়ত মনোনয়ন ৰাহুল গান্ধীৰ

বিশাল ৰেলীৰে ৱাইনাড়ত মনোনয়ন ৰাহুল গান্ধীৰ
প্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ ৰথী-মহাৰথীয়ে অংশ ল’লে মনোনয়ন যাত্ৰাত
‘এই নিৰ্বাচন দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ’

পাঁচটা বছৰ কেৰালাৰ ৱাইনাড়ৰ সাংসদ হৈ থকাৰ পিছত পুনৰ এবাৰ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ এই মনোনয়ন যাত্ৰাত অংশ ল’লে প্ৰায় ২০হাজাৰ লোকে। ৱাইনাডৰ ৰাজপথত হাজাৰ হাজাৰ লোকে ভিৰ কৰিলে।

মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি ৰাহুল গান্ধীয়ে ক’লে যোৱা পাঁচটা বছৰ ৱাইনাডবাসী তেওঁৰ পৰিয়ালৰ দৰে আছিল। দেশত গণতন্ত্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে। ‘এই নিৰ্বাচন দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ’ বুলি মন্তব্য কৰিলে ৱাইনাদৰ কংগ্ৰেছ প্ৰাৰ্থীজনে। লগতে ৰাহুলে ক’লে –
এই নিৰ্বাচনে প্ৰমাণ কৰিব দেশৰ পক্ষত কোন আছে?

ৰাহুল গান্ধীৰ মনোনয়ন যাত্ৰাত অংস লয় প্ৰিয়ংকা গান্ধী, K C বেনুগোপালসহ কংগ্ৰেছৰ বহু আগশাৰীৰ নেতাই। ৱাইনাড়ৰ সাংসদ হিচাপে যোৱাটো কাৰ্যকালত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয় ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰীক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত সংসদ পদো হেৰুৱাইছিল ৰাহিলে। শেষত উচ্চতম ন্যায়ালয়ৰ ৰায়ত পুনৰ সাংসদ পদ ঘূৰাই পাই ৰাহুলে। আকৌ এবাৰ ৱাইনাডৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ মনোনয়ন দাখিলৰ দিনটোতে CPIৰ প্ৰাৰ্থী এনী ৰাজায়ো ৱাইনাডৰ বাবে দাখিল কৰিলে মনোনয়ন পত্ৰ। বাওপন্থী নেত্ৰীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি ক্ষুৰধাৰ সমালোচনা কৰিলে ৰাহুল গান্ধীক। পাঁচ বছৰত ৰাহুলে ৱাইনাডৰ বাবে একো নকৰিলে বুলিও অভিযোগ কৰিলে এনী ৰাজাই।

ৰাহুল গান্ধী আৰু এনী ৰাজাৰ দৰে দুগৰাকী হাই প্ৰফাইল নেতাই একে দিনাই ৱাইনাড়ৰ বাবে মনোনয়ন পত্ৰ দাখিলে সমষ্টিটোৰ নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...