আত্মৰক্ষা প্ৰশিক্ষণৰ সফল সমাপ্তি, কোনে কোনে ল’লে অংশ?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড় চমুকৈ ডায়েটৰ উদ্যোগত সোমবাৰে সমৰকলা আৰু আত্মৰক্ষাৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিষ্ঠানখনৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে|

উল্লেখযোগ্য যে বিগত দিনসমূহত প্ৰতিষ্ঠানখনৰ তৰফৰ পৰা শিক্ষাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ লগত খাপ খোৱাকৈ বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। তেনে এটি কাৰ্যসূচীৰ অংশ হিচাপে মহিলা প্ৰশিক্ষাৰ্থীসকলৰ আত্মৰক্ষাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি তথা যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সক্ষম হ’বলৈ এই প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

অনুষ্ঠানটিত মূখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ এগৰাকী বিশিষ্ট সমৰকলা প্ৰশিক্ষক, কাৰাটে চতুৰ্থ ডান প্ৰাপ্ত বিশ্বজিত্‍ সোণোৱাল| মুখ্য প্ৰশিক্ষক গৰাকীৰ সংগী হিচাপে চাইনী সোণোৱাল আৰু অনিৰ্বান সোণোৱালে প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়াই নিয়াত সহায় আগবঢ়াই| বিশ্বজিত্‍ সোনোৱালে তেওঁৰ ভাষণ প্ৰসংগত ব্যক্ত কৰে যে, “আত্মৰক্ষাৰ কৌশল প্ৰকৃততে এবিধ কলা। অন্য বিভিন্ন ধৰণৰ কলা আমি যেনেকৈ শিকো বা শিকিবলৈ চেষ্টা কৰো ঠিক তেনেকৈ এই কলাবিধকো আমি শিকিব পাৰো। সাম্প্ৰতিক পৰিস্থিতিত শিক্ষাৰ সমান্তৰালকৈ আত্মৰক্ষাৰ কৌশল আয়ত্ব কৰাটো অতিশয় প্ৰয়োজনীয়।” অনুষ্ঠানটোৰ সম্বন্বয়ক প্ৰবক্তা স্বৰাজ ফুকনে আদৰণী ভাষণত উল্লেখ কৰে যে-এই প্ৰশিক্ষণে প্ৰশিক্ষাৰ্থীসকলক স্বাধীনতাৰ বাবে উদ্বুদ্ধ কৰিব।

এই প্ৰশিক্ষণ এক জীৱন দক্ষতা যিয়ে প্ৰশিক্ষাৰ্থীসকলক নিজৰ চৌপাশৰ প্ৰতি অধিক সচেতন হ’বলৈ আৰু যিকোনো সময়তে অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে সাজু হ’বলৈ প্ৰস্তুত কৰিব। প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰঞ্জন বৰাই আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ প্ৰবক্তা দিলীপ শৰ্মা আৰু দুলেন চন্দ্ৰ গোহাঁইয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...