আত্মৰক্ষা প্ৰশিক্ষণৰ সফল সমাপ্তি, কোনে কোনে ল’লে অংশ?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড় চমুকৈ ডায়েটৰ উদ্যোগত সোমবাৰে সমৰকলা আৰু আত্মৰক্ষাৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিষ্ঠানখনৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে|

উল্লেখযোগ্য যে বিগত দিনসমূহত প্ৰতিষ্ঠানখনৰ তৰফৰ পৰা শিক্ষাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ লগত খাপ খোৱাকৈ বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। তেনে এটি কাৰ্যসূচীৰ অংশ হিচাপে মহিলা প্ৰশিক্ষাৰ্থীসকলৰ আত্মৰক্ষাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি তথা যিকোনো অপ্ৰত্যাশিত পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সক্ষম হ’বলৈ এই প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

অনুষ্ঠানটিত মূখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ এগৰাকী বিশিষ্ট সমৰকলা প্ৰশিক্ষক, কাৰাটে চতুৰ্থ ডান প্ৰাপ্ত বিশ্বজিত্‍ সোণোৱাল| মুখ্য প্ৰশিক্ষক গৰাকীৰ সংগী হিচাপে চাইনী সোণোৱাল আৰু অনিৰ্বান সোণোৱালে প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়াই নিয়াত সহায় আগবঢ়াই| বিশ্বজিত্‍ সোনোৱালে তেওঁৰ ভাষণ প্ৰসংগত ব্যক্ত কৰে যে, “আত্মৰক্ষাৰ কৌশল প্ৰকৃততে এবিধ কলা। অন্য বিভিন্ন ধৰণৰ কলা আমি যেনেকৈ শিকো বা শিকিবলৈ চেষ্টা কৰো ঠিক তেনেকৈ এই কলাবিধকো আমি শিকিব পাৰো। সাম্প্ৰতিক পৰিস্থিতিত শিক্ষাৰ সমান্তৰালকৈ আত্মৰক্ষাৰ কৌশল আয়ত্ব কৰাটো অতিশয় প্ৰয়োজনীয়।” অনুষ্ঠানটোৰ সম্বন্বয়ক প্ৰবক্তা স্বৰাজ ফুকনে আদৰণী ভাষণত উল্লেখ কৰে যে-এই প্ৰশিক্ষণে প্ৰশিক্ষাৰ্থীসকলক স্বাধীনতাৰ বাবে উদ্বুদ্ধ কৰিব।

এই প্ৰশিক্ষণ এক জীৱন দক্ষতা যিয়ে প্ৰশিক্ষাৰ্থীসকলক নিজৰ চৌপাশৰ প্ৰতি অধিক সচেতন হ’বলৈ আৰু যিকোনো সময়তে অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে সাজু হ’বলৈ প্ৰস্তুত কৰিব। প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰঞ্জন বৰাই আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ প্ৰবক্তা দিলীপ শৰ্মা আৰু দুলেন চন্দ্ৰ গোহাঁইয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...