অজন্তা নেওগৰ বাজেটত ১৪খন উৰণীয়া সেতুৰ প্রস্তাৱ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট সৰ্বকালৰ সৰ্বশ্রেষ্ঠ হ’ব বুলি ঘোষণা কৰিছিল। সেয়া হৈছেনে নাই বিশেষজ্ঞই জনাব। কিন্তু বাজেটত আন্তঃগাঁথনি বিকাশৰ বাবে ঘোষণা কৰা হৈছে বহুবোৰ আশাব্যঞ্জক আঁচনি।

কামাখ্যা মন্দিৰলৈ হ’ব বিকল্প এলিভেটেড পথ
বৈষ্ণুদেৱী মন্দিৰৰ আৰ্হিত হ’ব এই নতুন পথ
অচিৰেই নিৰ্মাণ আৰম্ভ হ’ব মন্দিৰ সংযোগী এই পথৰ কাম
বাজেটত ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ
অজন্তাৰ বাজেটত ১৪খন উৰণীয়া সেতুৰ প্রস্তাৱ
দীপৰ বিলৰ হস্তীদণ্ডীত হাতীৰ বাবে আণ্ডাৰপাছ

বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত বৃহস্পতিবাৰে দাখিল কৰা বাজেটত ৰাজ্যৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে ঘোষণা কৰিছে বহু অভিলাষী আঁচনি। ইয়াৰ অন্যতম হৈছে কামাখ্যা মন্দিৰলৈ বিকল্প এলিভেটেড পথ। বাজেট বক্তৃতাকালত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে ১৪খন নতুন উৰণীয়া সেতুৰ প্রস্তাৱ।


গোপীনাথ বৰদলৈ পথত হ’ব ৪ লে’নযুক্ত এলিভেটেড পথ
গড়ভঙা-চাইকেল ফেক্টৰীৰ মাজত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱ
যান-জঁট কমাবলৈ ফটাশিল চাৰিআলিত নিৰ্মাণ হ’ব উৰণীয়া সেতু
ডাউন টাউন, ৰাজীৱ ভৱনৰ ওচৰত নিৰ্মাণ হ’ব উৰণীয়া সেতু

বিত্তমন্ত্রীয়ে আৰু জনোৱা মতে গুৱাহাটীৰ চৌদিশে নিৰ্মাণ হ’ব দিল্লী মহানগৰীৰ দৰে গুৱাহাটী ৰিং ৰোড।

গুৱাহাটী ৰিং ৰোডৰ বাবে নিৰ্মাণ হ’ব ৯১ কিঃমিঃ পথ
নাৰেংগী-কুৰুৱাৰ মাজত ব্রহ্মপুত্রত হ’ব ৬ লে’নযুক্ত দলং
শুৱালকুছি-পলাশবাৰী দলঙৰ বাবে ৩,১৯৭ কোটি টকা অনুমোদন
কাজিৰঙাৰ উৰণীয়া সেতুৰ ধন আবণ্টন চূড়ান্ত পৰ্যায়ত
চলিত বৰ্ষত ৩০০০ কিলোমিটাৰ অতিৰিক্ত পথ নিৰ্মাণৰ আঁচনি


বাজেটত আছে আন বহু আশাশুধীয়া প্রকল্পৰ ঘোষণা। এইসমূহ কাৰ্যকৰী হ’লে ৰাজ্যৰ আন্তঃগাঁথনিৰ আমোল পৰিৱৰ্তন হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...