নিউ হেম্পশায়াৰৰ পৰ্বতমালাৰ পৰা বৰদিনৰ আগতীয়া ওলগ

বৰদিনৰ নিশা শিশু সকললৈ উপহাৰ অনা পকা দাঢ়ি-চুলি আৰু শুভ্ৰ পোছাক পৰিহিত এজন কল্পিত বৃদ্ধ- ছাণ্টা ক্লজ। ছাণ্টাক্লজৰ চৰিত্ৰৰ বিষয়ে প্ৰাচীন কালৰে পৰা বিভিন্ন ধাৰণা প্ৰচলিত আছে। তেওঁক শিশু, মহিলা, আৰ্তজনক বিপদত ৰক্ষা কৰিবলৈ ঈশ্বৰে পঠিয়াই বুলি ভবা হয়। যিহেতু, বৰদিনলৈ বৰ বেছি দিন নাই। সেয়েহে, দেওবাৰে ২৩০তকৈও অধিক স্কিয়িং আৰু স্নোব’ৰ্ডিং ক্ৰিছ ক্ৰিংলেছে ৱেষ্টাৰ্ণ মেইনৰ এটা ৰিজৰ্টলৈ বৰঙণি সংগ্ৰহ কৰিবলৈ গৈছিল। বৰফৰ শুকুলা চাদৰেৰে আৱৰি ৰখা ধৰা পৃষ্ঠৰ ওপৰত তেওঁলোকক দেখা গৈছিল একোপাহি ৰঙা গোলাপ ফুলৰ দৰে।

এক কাহিনী অনু্সৰি ইটালীৰ মায়াবা নগৰৰ বিছপ নিকোলাছ নামৰ এজন বৃদ্ধলোকে চতুৰ্থ শতিকাৰ এটি বৰদিনত নিশা ৰাস্তালৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে যীশু পৃথিৱীলৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল’ৰা-ছোৱালীবোৰক লজেন, টফি আদি উপহাৰ বিলাই আৰ্শীবাদ দিছিল। এই ঘটনাৰ পিছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰেই শুভ্ৰ পোছাক আৰু মুখভৰা বগা দাঢ়িৰে বৃদ্ধ নিকোলাছ কিংবদন্তি হৈ পৰিল। নিকোলাছৰ মৃত্যুৰ পাছত ধৰ্মগুৰু পোপে তেওঁক ছেইণ্ট উপাধি প্ৰদান কৰে। বিছপ নিকোলাছ ছেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। পাছত ইংৰাজীৰ St. (ছেইণ্ট) শব্দৰ পৰিবৰ্তন হৈ ছাণ্টা (Santa) হ’ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোঁন থাকিল ক্লজ (Claus); আৰু এনেদৰেই ছেইণ্ট নিকোলাছ ছাণ্টাক্লজ ৰূপে জনাজাত হৈ পৰিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...