ভয়ংকৰ ৰূপ লৈছে ডেংগুৱে, এবছৰত ১৫জন লোকৰ মৃত্যু!

কভিড ভাইৰাছৰ সংহাৰৰ মাজতে ডেংগু ৰোগৰো প্ৰাদুৰ্ভাৱ অব্যাহত আছে দেশত। চৰকাৰী তথ্যত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। এই বছৰ দিল্লীত ডেংগুৰ সৈতে যুঁজি থকা অৱস্থাত ১৫জন লোকৰ মৃত্যু হৈছে। প্ৰতি বছৰে ডেংগু ৰোগৰ ঘটনা পৰিলক্ষিত হয় যদিও যোৱা ৬ বছৰত সৰ্বাধিক লোকৰ মৃত্যু হৈছে ২০২১ বৰ্ষত। ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত ২০২১ চনত মুঠ ৮,৯৭৫গৰাকী ডেংগু ৰোগীৰ ধৰা পৰে আৰু বিভিন্ন চিকিত্সালয়ত চিকিত্সা গ্ৰহণ কৰে। এইসকলৰ মাজত মুঠ ১৫জনকৈ লোকে ডেংগুৰ হাতত পৰাস্ত হৈ ইহ সংসাৰৰ পৰা বিদায় মাগে।

উল্লেখ্য যে, ডেংগু এবিধ সোঁচৰা বেমাৰ। এডিছ ইজিপ্ত নামৰ মহে কামুৰিলে এই ৰোগ সংক্ৰমিত হয়। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ মহ খেদা তৰল পদাৰ্থ ব্যৱহাৰ কৰিব পাৰে। ধূপ, মেট আদি ব্যৱহাৰ কৰিলেও দূৰত থাকিব পাৰি। হাত-ভৰি সম্পূৰ্ণকৈ ঢাক খাই থকা পোছাক আৰু মোজা পিন্ধি থকাটো উচিত। ইয়াৰ লগতে কেঁচুৱা আৰু শিশুসকলক দিনতো আঁঠুৱাৰ তলত শুবলৈ দিব লাগে যাতে মহে কামুৰিব নোৱাৰে। ডেংগুৰ কোনো ধৰণৰ লক্ষণ দেখা পালে ততালিকে চিকিৎসকৰ পৰামৰ্শ অথবা চিকিত্সালয়লৈ যাব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...