ভয়ংকৰ ৰূপ লৈছে ডেংগুৱে, এবছৰত ১৫জন লোকৰ মৃত্যু!

কভিড ভাইৰাছৰ সংহাৰৰ মাজতে ডেংগু ৰোগৰো প্ৰাদুৰ্ভাৱ অব্যাহত আছে দেশত। চৰকাৰী তথ্যত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। এই বছৰ দিল্লীত ডেংগুৰ সৈতে যুঁজি থকা অৱস্থাত ১৫জন লোকৰ মৃত্যু হৈছে। প্ৰতি বছৰে ডেংগু ৰোগৰ ঘটনা পৰিলক্ষিত হয় যদিও যোৱা ৬ বছৰত সৰ্বাধিক লোকৰ মৃত্যু হৈছে ২০২১ বৰ্ষত। ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত ২০২১ চনত মুঠ ৮,৯৭৫গৰাকী ডেংগু ৰোগীৰ ধৰা পৰে আৰু বিভিন্ন চিকিত্সালয়ত চিকিত্সা গ্ৰহণ কৰে। এইসকলৰ মাজত মুঠ ১৫জনকৈ লোকে ডেংগুৰ হাতত পৰাস্ত হৈ ইহ সংসাৰৰ পৰা বিদায় মাগে।

উল্লেখ্য যে, ডেংগু এবিধ সোঁচৰা বেমাৰ। এডিছ ইজিপ্ত নামৰ মহে কামুৰিলে এই ৰোগ সংক্ৰমিত হয়। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ মহ খেদা তৰল পদাৰ্থ ব্যৱহাৰ কৰিব পাৰে। ধূপ, মেট আদি ব্যৱহাৰ কৰিলেও দূৰত থাকিব পাৰি। হাত-ভৰি সম্পূৰ্ণকৈ ঢাক খাই থকা পোছাক আৰু মোজা পিন্ধি থকাটো উচিত। ইয়াৰ লগতে কেঁচুৱা আৰু শিশুসকলক দিনতো আঁঠুৱাৰ তলত শুবলৈ দিব লাগে যাতে মহে কামুৰিব নোৱাৰে। ডেংগুৰ কোনো ধৰণৰ লক্ষণ দেখা পালে ততালিকে চিকিৎসকৰ পৰামৰ্শ অথবা চিকিত্সালয়লৈ যাব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...