নিউ হেম্পশায়াৰৰ পৰ্বতমালাৰ পৰা বৰদিনৰ আগতীয়া ওলগ

বৰদিনৰ নিশা শিশু সকললৈ উপহাৰ অনা পকা দাঢ়ি-চুলি আৰু শুভ্ৰ পোছাক পৰিহিত এজন কল্পিত বৃদ্ধ- ছাণ্টা ক্লজ। ছাণ্টাক্লজৰ চৰিত্ৰৰ বিষয়ে প্ৰাচীন কালৰে পৰা বিভিন্ন ধাৰণা প্ৰচলিত আছে। তেওঁক শিশু, মহিলা, আৰ্তজনক বিপদত ৰক্ষা কৰিবলৈ ঈশ্বৰে পঠিয়াই বুলি ভবা হয়। যিহেতু, বৰদিনলৈ বৰ বেছি দিন নাই। সেয়েহে, দেওবাৰে ২৩০তকৈও অধিক স্কিয়িং আৰু স্নোব’ৰ্ডিং ক্ৰিছ ক্ৰিংলেছে ৱেষ্টাৰ্ণ মেইনৰ এটা ৰিজৰ্টলৈ বৰঙণি সংগ্ৰহ কৰিবলৈ গৈছিল। বৰফৰ শুকুলা চাদৰেৰে আৱৰি ৰখা ধৰা পৃষ্ঠৰ ওপৰত তেওঁলোকক দেখা গৈছিল একোপাহি ৰঙা গোলাপ ফুলৰ দৰে।

এক কাহিনী অনু্সৰি ইটালীৰ মায়াবা নগৰৰ বিছপ নিকোলাছ নামৰ এজন বৃদ্ধলোকে চতুৰ্থ শতিকাৰ এটি বৰদিনত নিশা ৰাস্তালৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে যীশু পৃথিৱীলৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল’ৰা-ছোৱালীবোৰক লজেন, টফি আদি উপহাৰ বিলাই আৰ্শীবাদ দিছিল। এই ঘটনাৰ পিছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰেই শুভ্ৰ পোছাক আৰু মুখভৰা বগা দাঢ়িৰে বৃদ্ধ নিকোলাছ কিংবদন্তি হৈ পৰিল। নিকোলাছৰ মৃত্যুৰ পাছত ধৰ্মগুৰু পোপে তেওঁক ছেইণ্ট উপাধি প্ৰদান কৰে। বিছপ নিকোলাছ ছেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। পাছত ইংৰাজীৰ St. (ছেইণ্ট) শব্দৰ পৰিবৰ্তন হৈ ছাণ্টা (Santa) হ’ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোঁন থাকিল ক্লজ (Claus); আৰু এনেদৰেই ছেইণ্ট নিকোলাছ ছাণ্টাক্লজ ৰূপে জনাজাত হৈ পৰিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...