অনুৰাগীৰ গুণা-গঁথা শেষ, বিকি-কেটৰিনাৰ বিয়াৰ ৰাজকীয় আয়োজন

বহুচৰ্চিত বিকি কৌশল আৰু কেটৰিনা কাইফৰ বিবাহ। অহা ৯ ডিচেম্বৰত ৰাজস্থানত বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু ২ অতি জনপ্ৰিয় তাৰকা। সোমবাৰে পুৱাই মুম্বাইত কেটৰিনা আৰু বিকী ঘৰৰ পৰা ওলাই যোৱাৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। খবৰ অনুসৰি, বিকি-কেটৰিনাই মাজনিশা পৰিয়ালৰ সৈতে বিবাহৰ গন্তব্যস্থান চেঞ্চিছ ফৰ্টত উপস্থিত হ’ব। কেটৰিনা কাইফৰ মাতৃ চুজান টাৰ্কোট, ভগ্নী ষ্টিফেনি, ক্ৰিষ্টিন, নাতাশা, মেলিছা, ছোনিয়া, ইছাবেল আৰু ভাতৃ মাইকেল নিশা পলমকৈ উপস্থিত হ’ব হোটেলত। আনহাতে, বিকি কৌশলৰ সৈতে তেওঁৰ দেউতাক শ্বাম কৌশল, মাতৃ বীনা আৰু ভায়েক ছানি উপস্থিত হবগৈ।

কেটৰিনাৰ ফিটনেছ প্ৰশিক্ষক য়াছমিন কৰাচীৱালা, কেটৰিনাৰ মেকআপ মেন আৰু হেয়াৰষ্টাইলিষ্ট ডেনিয়েল ক্ৰিষ্টোফাৰ বাউৰ, পোছাক ডিজাইনাৰ অনিতা আদাজানিয়া শ্ৰফ, ফেশ্বন ষ্টাইলিষ্ট অক্ষয় ত্যাগী, চেলিব্ৰিটি মেনেজাৰ ৰেশ্মা শ্বেট্টি উপস্থিত থাকিব। দুয়োজন অভিনেতা-অভিনেত্ৰীৰ ঘনিষ্ঠ বন্ধু আৰু চেলিব্ৰিটিও নিৰ্দিষ্ট সময়ত উপস্থিত হবগৈ।

বিয়াখনত ১২০গৰাকী অতিথি অন্তৰ্ভুক্ত কৰাৰ খবৰ। বিয়াখনৰ বাবে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। প্ৰথম নিৰাপত্তা পৰীক্ষা হোটেলখনৰ প্ৰৱেশ দ্বাৰত আৰু দ্বিতীয়খন চেকিং পইণ্ট ফতেহ দুৱাৰত নিৰ্মাণ কৰা হৈছে। ইয়াত আৰক্ষী, ব্যক্তিগত বাউঞ্চাৰ আৰু হোটেলৰ নিৰাপত্তা মোতায়েন কৰা হ’ব। কভিড প্ৰটকলৰ অধীনত অতিথিৰ তাপমাত্ৰা পৰীক্ষা কৰা হ’ব। জিঅ’ই বিয়াখনত হব লগা আনুমানিক ভিৰৰ প্ৰতি লক্ষ্য ৰাখি টাৱাৰৰ ৰেঞ্জ বৃদ্ধি কৰিব। হোটেলৰ কাষতে স্থাপন কৰা হৈছে বেক ফ্লিপ টাৱাৰ। কোনো কাৰণতে যাতে নেটৱৰ্কৰ অসুবিধা নহয় তাৰে বাবে বিশেষ ধ্যান ৰখা হৈছে। খবৰ অনুসৰি ৭ ডিচেম্বৰত মেহেন্দি আৰু ৮ ডিচেম্বৰত সংগীতানুষ্ঠান হোৱাৰ কথা। তাৰ পিছত ৯ ডিচেম্বৰত এক বিশাল বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। পুল চাইড পাৰ্টীৰো আয়োজন কৰিছে তাৰকা দুগৰাকীয়ে।

বিবাহলৈ যোৱা অতিথিসকলক ফটেহ গেটত গোলাপৰ বৰষুণেৰে আদৰণি জনোৱা হব। একে সময়তে, ৰাজস্থানী লোকগীতৰ সুৰ সাৰংগীত প্ৰতিধ্বনিত হ’ব। বিয়াখনক ৰাজকীয় ৰূপ দিয়াৰ বাবে হোটেলত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...